Breaking

নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত টংলা আঞ্চলিক ছাত্ৰ সন্থাৰ বাইক ৰেলি

0 2,034

নাগৰিকত্ব সংশোধনী আইন ২০১৯ বাতিলৰ দাবীত আজি টংলা আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ সন্মুখৰ পৰা এক বাইক‌ ৰেলি উলিয়াই টংলা চহৰৰ লগতে টংলাৰ নিকতৱৰ্তী বিভিন্ন অঞ্চলত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।টংলা আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিবাদী বাইক ৰেলীত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ‌ কেন্দ্ৰীয় সহকাৰী সম্পাদক জয়ন্ত কুমাৰ ভট্টাচাৰ্যৰ লগতে ওদালগুৰি জিলা ছাত্ৰ সন্থা আৰু টংলা আঞ্চলিক ছাত্ৰ সন্থাৰবিষয়ববীয়া সকল। বাইক ৰেলীত অংশগ্ৰহণ কৰি সদৌ অসম ছাত্ৰ সন্থাৰ‌ কেন্দ্ৰীয় সহকাৰী সম্পাদক জয়ন্ত কুমাৰ ভট্টাচাৰ্যই ‌কয় যে,এই নাগৰিকত্ব সংশোধনী আইন খন অসাংবিধানীক , অগণতান্ত্ৰিক । অবৈধ বাংলাদেশী বোজা জাপি দিব খোজা নাগৰিকত্ব সংশোধনী আইন খন আমি অসমৰ জনগণ আৰু সদৌ অসম ছাত্ৰ সন্থাই কেতিয়াও মানি লব নোৱাৰো। বিজেপি নেত্ৰাধিন চৰকাৰ খনে যিখন আইন প্ৰণয়ন কৰিছে এয়া অসমৰ জনগণই কেতিয়াও মানি নলয়।

Leave A Reply