Breaking

টংলা আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিবাদী বিক্ষোভ কাৰ্যসূচী

0 585

সদৌ অসম ছাত্ৰ সন্থাৰ অন্যতম ওদালগুৰি জিলাৰ টংলা আঞ্চলিক ছাত্ৰ সন্থাই আজি বৃহত্তৰ টংলা অঞ্চলৰ বিভিন্ন সমস্যা সমাধানৰ লগতে চৰকাৰক দৃষ্টি গোচৰ কৰাৰ অৰ্থে টংলা চহৰৰ মাজমজিয়াত আজি এক প্ৰতিবাদী বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰে।ভিন্ন জাতি ,জনগোষ্ঠী,ভাষা -ভাষী ,ধৰ্মাৱলম্বীলোকৰ মিলন ক্ষেত্ৰ টংলা শিক্ষা, সাহিত্য ,সংস্কৃতি,অৰ্থনীতি, ক্ৰীড়া ,বাণিজ্য, আদিৰ ক্ষেত্ৰত জিলাখনৰ প্ৰাণকেন্দ্ৰ।সেই টংলাক যিকোনো চৰকাৰে মাহী আইৰ দৃষ্টিৰে চাই আহিছে ।বঞ্চনা, শোষণ কৰাৰ ফলশ্ৰুতিত উন্নয়ন হোৱা চাৰি শিক্ষা ,স্বাস্থ্য, যাতায়াত আদি বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈছে।যাৰফলত আজি টংলা আঞ্চলিক ছাত্ৰ সন্থাই প্ৰতিবাদী বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে বুলি সভাপতি প্ৰাঞ্জল ডেকাই চৰকাৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰে।

বিজেপি ,অগপ ,ইউপিপিএল মিত্ৰ চৰকাৰ হায় হয় হায় ,মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা লেই লেই ছেই ছেই,বিটিআৰ চিফ প্ৰমোদ বড়ো লেই লেই ছেই ছেই আদি বিভিন্ন শ্লোগানেৰে মুখৰিত প্ৰতিবাদী বিক্ষোভ কাৰ্যসূচীত অংশগ্ৰহণ কৰি সদৌ অসম ছাত্ৰ সন্থাৰ উপসভাপতি জয়ন্ত কুমাৰ ভট্টাচাৰ্যই ৰাজ্যখনৰে এখন ঐতিহ্যমণ্ডিত চহৰ টংলাক তথা টংলাবাসীক অৱহেলিত বঞ্চিত কৰা কাৰ্য্য কোনো কালে সহ্য কৰা নহ’ব ,তীব্ৰ জংগী আন্দোলনৰ কৰাৰ হুংকাৰ দিয়ে।

টংলা অঞ্চলৰ শৈক্ষিক সমস্যা সমাধান কৰা।অসমীয়া আৰু মাতৃভাষা মাধ্যমৰ বিদ্যালয়ে ইতিমধ্যে পঁচিছ,পঞ্চাশ, ষাঠি বছৰ অতিক্ৰম কৰি শৈক্ষিক উত্তৰণত যথেষ্ট পৰিমাণে অৱদান আগবঢ়াইছে, সেই শিক্ষানুষ্ঠানসমূহক আদৰ্শ বিদ্যালয়ৰূপে স্বীকৃতি প্ৰদান কৰা, টংলাস্থিত ৩০খন বিচনাযুক্ত গ্ৰাম্য চিকিৎসালয়ৰ সৰ্বাংগীন উন্নীতকৰণৰ ব্যৱস্থা গ্ৰহণ কৰা, চিকিৎসালয়খনিত চকু ,কাণ ,নাক ডিঙি চিকিৎসক ,বিশেষজ্ঞ ,ভেষশ চিকিৎসকে ধৰি প্ৰয়োজনীয় চিকিৎসকক তৎকালীনভাৱে নিযুক্তি প্ৰদান ,ৰোগীৰ বাবে পৰ্য্যাপ্ত সা -সামগ্ৰী,ঔষধ পাতি যোগান ধৰা আৰু অত্যাধুনিক সা -সুবিধা প্ৰদান কৰা, ওদালগুৰি জিলাৰ ভিতৰতে ৰাজহ সংগ্ৰহ হোৱা টংলা চহৰৰ মাজেদি যোৱা পথটি হৈছে মংগলদৈ ভূতিয়াচাং পথ মেৰামতি কৰাৰ দাবী জনায়।টংলা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি প্ৰাঞ্জল ডেকা আৰু সম্পাদক ৰিংকু ডেকা স্বাক্ষৰিত ছয়টা সমস্যা সম্বলিত স্মাৰক পত্ৰখন হৰিশিঙা ৰাজহ চক্ৰ বিষয়া মনীষা নাথক আছু’ৰ কেন্দ্ৰীয় উপসভাপতি জয়ন্ত কুমাৰ ভট্টাচাৰ্য ,টংলা আঞ্চলিকৰ বিষয় ববীয়াই প্ৰদান কৰে।

চক্ৰ বিষয়াই গ্ৰহণ কৰি স্মাৰক পত্ৰখন মুখ্যমন্ত্ৰীক প্ৰেৰণ কৰিব বুলি জনোৱাৰ লগতে সমস্যাসমূহ সমাধান কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি ছাত্ৰ সন্থাৰ নেতৃবৃন্দক আশ্বাস দিয়ে।

Leave A Reply