Breaking

টংলা শতদল সাহিত্য সভাৰ৫৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উদ্‌যাপন

0 73

অসম সাহিত্য সভাৰ অন্যতম টংলা শতদল সাহিত্য সভাৰ ৫৯ সংখ্যক প্ৰতিষ্ঠা দিৱসটি আজি নিজা কাৰ্যালয় ভৱনত অনুষ্ঠিত কৰা হয়। পুৱা ৯ বজাত অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে টংলা শতদল সাহিত্য সভাৰ সভাপতি গৌৰীশংকৰ দাসে।বন্তি প্ৰজলন আৰু স্মৃতি তৰ্পণ কৰে টংলা সাহিত্য সভাৰ উপ-সভাপতি শিৱ প্ৰসাদ হাজৰিকাই।টংলা সাহিত্য সভাৰ প্ৰাচীৰ পত্ৰিকা “ৰামধেনু”ৰ যুটীয়া-সম্পাদক সবিতা ৰাণী মহলীয়া আৰু জয়ন্ত দাস সম্পাদিত টংলা সাহিত্য সভাৰ প্ৰাচীৰ পত্ৰিকা ২০২২ বৰ্ষৰ,২য় সংখ্যা উন্মোচন কৰে টংলাস্থিত নেচনেল পায়’নিয়াৰ ছিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ চৈয়দ পাৰভিজুল ইচলামে।

১০ বজাত স্মৃতি ৰোমন্থন আৰু অন্তৰংগ আলাপ অনুষ্ঠান টংলা সাহিত্য সভাৰ সদস্য আৰু সদস্যাসকলৰ দ্বাৰা “চিৰ চেনেহী মোৰ ভাষা জননী ” গীতেৰে শুভাৰম্ভণি কৰা হয়। টংলা সাহিত্য সভাৰ সম্পাদক দিবাকৰ বড়াই আঁত ধৰা স্মৃতি ৰোমন্থন আৰু অন্তৰংগ আলাপ অনুষ্ঠানৰ সঞ্চালনা কৰে টংলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নবীন বেজবৰুৱাই আৰু অনুষ্ঠান উদ্বোধন কৰে প্ৰাক্তন সভাপতি তথা বিশিষ্ট শিক্ষাবিদ বিনয় কুমাৰ মেধিয়ে। মুখ্য অতিথি হিচাবে ওদালগুৰি জিলা সাহিত্য সভাৰ উপ-সভাপতি আদিত চন্দ্ৰ কলিতা, সন্মানিত অতিথি হিচাপে টংলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি লোকেশ্বৰ ডেকা, ঘন কান্ত ডেকা আৰু সমাজ সেৱক বলিৰাম ডেকাই ভাষণ প্ৰদান কৰে।

সভাত গীত পৰিবেশন কৰে ক্ৰমে লক্ষ্যহীৰা চহৰীয়া,অনিমা নাথ চহৰীয়া আৰু বাক্‌সা জিলা সাহিত্য সভাৰ প্ৰাক্তন কাৰ্যনিৰ্বাহক সদস্য উদ্ধৱ দাসে । অনুষ্ঠানত কবিতা পাঠ কৰে টংলা সাহিত্য সভাৰ প্ৰাক্তন উপ-সভানেত্ৰী চন্দ্ৰ প্ৰভা দত্ত , অসম সাহিত্য সভাৰ হিতৈষী সভ্য ৰঞ্জি শইকীয়া ডেকা আৰু দেৱজিত শৰ্মাই। টংলা সাহিত্য সভাৰ পুথিভঁৰাল সম্পাদক উমেশ চন্দ্ৰ দাস,সাংস্কৃতিক মহাসভা অসমৰ ওদালগুৰি জিলা জিলা সমিতিৰ সম্পাদক জ্ঞানেদ্ৰ কুমাৰ চলিহা ,টংলা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ঘটেশ্বৰ বৰুৱা ,উত্তৰ দৰং মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ মনোৰঞ্জন শৰ্মা প্ৰমুখ্যে সাহিত্যনুৰাগী ব্যক্তি উপস্থিত থকা অনুষ্ঠান জাতীয় সংগীতেৰে সামৰণি পৰে ।

টংলাৰ পৰা অৰূপ বড়ো

Leave A Reply