Breaking

কাকপথাৰ স্বগৃহত উপস্থিত আলফা (স্বা)ৰ শীৰ্ষ নেতা জীৱন মৰাণ

0 2,130

১৯৮৪ চনত মনত স্বাধীন অসমৰ সপোন লৈ সংযুক্ত মূক্তি বাহিনী অসমত যোগদান কৰা তিনিচুকীয়া জিলাৰ কাকপথাৰ ওৱন গাঁৱৰ যুৱক জন আজি স্বগৃহলৈ উভতি আহিল ৷ পৰেশ বৰুৱাৰ অতিকৈ ঘনিষ্ঠ, আলফা স্বাধীনৰ জ্যেষ্ঠ নেতা, বিত্ত সচিব তথা প্ৰাক্তন মেজৰ জেনেৰেল জীৱন মৰাণ ওৰফে গুণত ডাঙৰীয়া আজি নিজৰ উপজা ওৱন গাঁৱত । আজি সুদীৰ্ঘ ৩৮ টা বছৰে সশস্ত্ৰ সংগ্রামৰ অৱসান ঘটাই তিনিচুকীয়া জিলাৰ কাকপথাৰৰ উৱন গাঁওস্থিত স্বগৃহত আহি  উপস্থিত হয়। বিগত বৰ্ষতে স্বাস্থ্যজনীত কাৰণত তথা ম্যানমাৰত চলি থকা সামৰিক অভ্যুত্থানৰ জটিলতাৰ ফলত চিকিৎসা কৰিব নোৱাৰাৰ বাবে শিবিৰ ত্যাগ কৰি চিকিৎসাৰ বাবে ঘূৰি অহা বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে । আলফা (স্বা) পৰা অব্যাহতি লোৱাৰ পিছতেই কেইবামাহ ধৰি তেওঁ কাৰাগাৰত থাকিব লগীয়া হয় । মংগলবাৰে কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ আহি পোনে পোনে তিনিচুকীয়াৰ ৰূপাইস্থিত বাসগৃহলৈ আহি নিশা তাতে কটাই বুধবাৰে পুৱা কাকপথাৰ উৱন গাঁওস্থিত আপোন ঘৰখনত উপস্থিত হয় ৷

সূদীৰ্ঘ ৩৮ বছৰৰ  পাছত নিজ গাঁও খনত উপস্থিত হোৱা জ্যেষ্ঠ আলফা নেতা গৰাকীক আদৰণিৰ লগতে গামোছাৰে সম্বৰ্দ্ধনা জনায় বিভিন্ন জনে ৷ এক দীৰ্ঘ বিৰতিৰ পিছত ঘৰৰ ল’ৰা ঘৰলৈ উভতি অহাত উৱন গাঁৱৰ ৰাইজক আৱেগিক হৈ পৰা দেখা যায় ৷ আলফা-চৰকাৰৰ শান্তি আলোচনাৰ পোষকতা কৰা আলফা নেতাজনে ৩৮ বছৰীয়া সংগ্ৰামৰ বিষয়টো আতৰাই চলি আগন্তুক সময়ত স্পষ্ট কৰাৰো ইংগিত দিয়ে। লগতে অনাগত সময়ত নিজকে সামাজিক কাম-কাজত মনোনিবেশ কৰাব বুলিও মন্তব্য আগবঢ়ায়।

Leave A Reply