Breaking

২২ খন আসনৰ বাবে মুঠ ২,৯৫০ খন আবেদন! চাকৰি প্ৰাৰ্থীৰ দৰেই সাক্ষাৎকাৰ দিবলগীয়া হ’ল লোকসভাৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে…

0 11

২২ খন আসনৰ বাবে মুঠ ২,৯৫০ খন আবেদন ৷ তামিলনাডুত চাকৰি প্ৰাৰ্থীৰ দৰেই সাক্ষাৎকাৰ দিবলগীয়া হ’ল লোকসভাৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে৷ প্ৰাৰ্থী হ’ব বিচৰাসকলে প্ৰথমে আবেদনৰ প্ৰপত্ৰখন সম্পূৰ্ণৰূপে পূৰণ কৰি দাখিল কৰিবলগীয়া হৈছে। তাৰপিছতে অনুষ্ঠিতকৰা হয় সাক্ষাৎকাৰ৷ কেৱল সেই সাক্ষাৎকাৰত উত্তীৰ্ণসকলেহে লাভ কৰিব লোকসভা নিৰ্বাচনৰ টিকট৷ ডিএমকেই কৰ্পোৰেট কোম্পানীৰ দৰেই এনেদৰে সাক্ষাৎকাৰ পাতি প্ৰাৰ্থী বাছনি কৰা আৰম্ভ কৰিছে। তামিলনাডুৰ শাসকীয় দলটোৱে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে কাক টিকট দিয়া হ’ব সেয়া নিৰ্ণয় কৰিবলৈ এক পুংখানুপুংখ পৰীক্ষা আৰম্ভ কৰিছে। দলটোৱে আবেদন গ্ৰহণ কৰাৰ পৰা সাক্ষাৎকাৰ লোৱালৈকে সকলো ব্যৱস্থা কৰিছে। সাক্ষাৎকাৰ প্ৰক্ৰিয়াটো দেওবাৰে পুৱা চেন্নাইৰ ডিএমকেৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত কৰা হয়। তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিনে প্ৰাৰ্থীসকলৰ সাক্ষাৎকাৰ গ্ৰহণ কৰে। সাক্ষাৎকাৰ প্ৰক্ৰিয়াৰ সময়ত দলৰ সাধাৰণ সম্পাদক এছ দুৰাইমুৰুগানো উপস্থিত আছিল।

দলীয় সূত্ৰই প্ৰকাশ কৰা অনুসৰি ডিএমকেই লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে মুঠ ২,৯৫০ খন আবেদন লাভ কৰিছে৷আবেদন পৰীক্ষা কৰাৰ পিছত কেইবাজনো লোকৰ নাম চূড়ান্ত কৰা হৈছে। সাক্ষাৎকাৰ দেওবাৰে ৰাতিপুৱা ১০ বজাত আৰম্ভ হয়। অৱশ্যে, সাক্ষাৎকাৰৰ ফলাফল কেতিয়া প্ৰকাশ কৰা হ’ব সেয়া জানিব পৰা হোৱা নাই৷

উল্লেখ্য ডিএমকেই আৰম্ভণিৰ পৰাই বিজেপি বিৰোধী ভাৰত মিত্ৰজোঁটত সক্ৰিয় হৈ আছে। শনিবাৰে দলটোৱে কংগ্ৰেছ আৰু অন্যান্য সহযোগীদলৰ সৈতে আসন ভাগ-বতৰাৰ সিদ্ধান্ত চূড়ান্ত কৰে। ৩৯ খন আসনৰ ভিতৰত ৯খন আসন কংগ্ৰেছক এৰি দিয়া হৈছে। চিপিএম আৰু অন্যান্য দলসমূহক মুঠ আঠখন আসন দিয়া হৈছে। অৰ্থাৎ, ডিএমকেই ২২ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব। দলীয় সূত্ৰৰ মতে সকলো আসনতে প্ৰাৰ্থী বাছনিৰ বাবে সাক্ষাৎকাৰ অনুষ্ঠিত কৰা হৈছে।

Leave A Reply