Breaking

মুঠ দহটা কেন্দ্রত হ’ব আৰক্ষী কনিষ্টবলৰ লিখিত পৰীক্ষা

0 1,024

অসম আৰক্ষীৰ কনিষ্টবল পদৰ নিযুক্তিৰ বাবে লিখিত পৰীক্ষা অহা ফেব্রুৱাৰীত অনুষ্ঠিত হ’ব৷ ৰাজ্যত মুঠ ১০টা পৰীক্ষা কেন্দ্রত অনুষ্ঠিত হ’ব এই পৰীক্ষা৷ সেই অনুসৰি তিনিচুকীয়া, যোৰহাট, তেজপুৰ, ডিফু, শিলচৰ, বঙাইগাঁও, গুৱাহাটী, নগাঁও কোকৰাঝাৰ আৰু হাফলঙত থাকিব অসম আৰক্ষীৰ লিখিত পৰীক্ষাৰ কেন্দ্র৷ দেওবাৰে এক জাননীযোগে এই কথা সদৰী কৰিছে অসম আৰক্ষীয়ে ৷

প্রার্থীসকলে পৰীক্ষা কেন্দ্র নিজৰ সুবিধা অনুযায়ী বাছি ল’ব পাৰিব৷ অৱশ্যে এবাৰ বাছনি কৰাৰ পাছত প্রার্থীসকলে সলনি কৰিব নোৱাৰিব পৰীক্ষা কেন্দ্র৷ উল্লেখ্য যে অসম আৰক্ষীৰ এ বি আৰু ইউ বি শাখাৰ কনিষ্টবলৰ লগতে বিভিন্ন পদৰ বাবে বিজ্ঞাপন প্রকাশ কৰিছিল৷ ইতিমধ্যে এই পদসমূহৰ বিপৰীতে অনুষ্ঠিত হৈছে শাৰীৰিক পৰীক্ষা৷ মুঠ ২,৪৫০টা পদৰ বাবে প্রকাশ কৰা হৈছে বিজ্ঞাপন৷

Leave A Reply