Breaking

ৰাজহুৱা স্থান চেনিটাইজ কৰিবলৈ আহ্বান টীয়ক আছুৰ

0 2,060

সমগ্ৰ দেশৰ লগতে অসমতো ক’ৰণা মহামাৰীয়ে ত্ৰাসৰ সৃষ্টি কৰি ব্যাপকভাৱে সংক্ৰমনে জনজীৱন স্থবিৰ কৰি তুলিছে। কভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি টীয়ক ৰাজ্যিক বাছ আস্থান, টীয়ক ৰাজহ চক্ৰ কাৰ্যালয়, কলিয়াপানী খণ্ড উন্নয়ন কাৰ্যালয়, টীয়ক এফ.আৰ. ইউ, টীয়ক আৰক্ষী থানা, সমূহ বেংক, ব্যৱসায়ী প্ৰতিষ্ঠান বৰা বজাৰ, হস্পিটেল তিনিআলি,টীয়ক আৰু জগদুৱাৰৰ ব্যৱসায়ী প্ৰতিষ্ঠানসমূহৰ লগতে অন্যান্য ৰাজহুৱা স্থানসমূহ যোৰহাট জিলা প্ৰশাসনক চেনিটাইজ কৰিবলৈ আহ্বান জনাইছে টীয়ক আছুৱে। এক বিবৃত্তিত টীয়ক আছুৰ উপদেষ্টা ৰন্টু ভূঞা, প্ৰীতমজ্যোতি শইকীয়া, প্ৰশান্ত দোলাকাষৰীয়া, দীপাংকৰ বেজবৰা, সভাপতি পাপু কলিতা আৰু সাধাৰণ সম্পাদক প্ৰাঞ্জল দত্তই কয়, কভিড পৰিস্থিতি তথা আংশিক লকডাউনৰ সময়চোৱাত ৰাইজে মাস্ক পৰিধানৰ লগতে ব্যৱসায়ীসকলক অত্যাৱশ্যকীয় সামগ্ৰীৰ যাতে মূল্য বৃদ্ধি নকৰি ৰাইজক এই দুৰ্যোগৰ সময়ত সহযোগ কৰে তাৰ প্ৰতি আহ্বান জনাইছে টীয়ক আঞ্চলিক ছাত্ৰ সন্থাই।

Leave A Reply