Breaking

মাজবাটত টেক্টৰ দুৰ্ঘটনাত যুৱকৰ মৃত্যু ! মৰণোৰত্তৰ পৰীক্ষাৰ বাবে ওদালগুৰিলৈ প্ৰেৰণ…

0 51

ওদালগুৰি জিলাৰ মাজবাটত টেক্টৰ দুৰ্ঘটনাত যুৱকৰ মৃত্যু। মৰণোৰত্তৰ পৰীক্ষাৰ বাবে ওদালগুৰি লৈ প্ৰেৰণ। আজি দিনৰ প্ৰায় ১১-৩০ মান বজাত মাজবাটৰ ১ নং মাজগাওঁৰ পথাৰত টেক্টৰ দি হাল বাই থকা অবস্থাত যান্ত্রিক বিজুতি ঘটি এজন যুৱক আহত হয়।

আহত যুৱক জনক লগে লগে স্থানীয় লোকে ততালিকে মাজবাটৰ মহলীযা পাৰা মডেল চিকিৎসালয়ত আনে যদিও চিকিৎসকে মৃত্যু হোৱা বুলি ঘোষণা কৰে। মৃত্যু হোৱা যুৱক জন হৈছে ১ নং মাজগাওঁৰ বনু গোঁড়ৰ পুত্র কুন্দন গোঁড় (২৮) বুলি জনা যায়।

ওক্ত ঘটনাৰ খৱৰ পোৱাৰ লগে লগে মাজবাট আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ কুন্দন গোঁড়ৰ মৃত দেহ ছমজি লৈ মৰণোৰত্তৰ পৰীক্ষাৰ বাবে ওদালগুৰি চিভিল চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

Leave A Reply