Breaking

জাতি, মাটি,ভাষাৰ নামত বেপাৰ কৰা অনুচিত: অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত প্ৰধান সম্পাদক ড° উপেন্দ্ৰজিৎ শৰ্মা

0 48

’অসম সাহিত্য সভা আমাৰ প্ৰাণৰো প্ৰাণৰ; আমি কোনেও আমাৰ মাতৃ সদৃশ জাতি মাটি ভাষাৰ নামত বেপাৰ কৰা অনুচিত’৷ আজি ধেমাজি জিলা সাহিত্য সভাৰ ২১ সংখ্যক দ্বি-বাৰ্ষিক অধিৱেশন আৰু জ্যোতি দিৱসৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি এইদৰে বক্তৃতা প্ৰদান কৰে অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত প্ৰধান সম্পাদক ড০ উপেন্দ্ৰজিৎ শৰ্মাই৷

জামুগুৰি পাঁচআলি উচ্চ মাধ্যমিক বিদ্যালয়ত আজি দিনৰ ১ বজাত ধেমাজি জিলা সাহিত্য সভাৰ বিদায়ী সভাপতি বিনীতা চৌধুৰী গাৰোদিয়া আৰু নৱনিৰ্বাচিত সভাপতি বিনোদ কুমাৰ গগৈয়ে ক্ৰমান্বয়ে সভাপতিত্ব কৰা মুকলি সভাত অসম সাহিত্য সভাৰ প্ৰাক্তন কাৰ্যনিৰ্বাহক সদস্য অজিত প্ৰসাদ শৰ্মা, লক্ষীমপুৰ জিলা সাহিত্য সভাৰ সভাপতি বিপুল শৰ্মা বৰুৱা, সহকাৰী সম্পাদক প্ৰশান্ত মোদক, ধেমাজি জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বিমল ৰাজখোৱা, মাজুলী জিলা সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য শংকুসিদ্ধ নাথ প্ৰমুখ্যে কেইবাজনো সাহিত্যসেৱকে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহন কৰে৷

চিৰ চেনেহী মোৰ ভাষা জননী শীৰ্ষক সমবেত সংগীতেৰে আৰম্ভ হোৱা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে জিলা সম্পাদক ৰঞ্জিৎ চিৰিঙে আৰু আদৰণী ভাষণ আগবঢ়ায় অভ্যৰ্থনা সমিতিৰ সভাপতি দ্বীপেন চিৰিঙে৷

উক্ত সভাতেই জিলা সাহিত্য সভাৰ পত্রিকা উন্মোচন কৰে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য নন্দেশ্বৰ বৰগোঁহায়ে৷ সদৌ শেষত বটাঁ বিতৰণ কৰাৰ পিছতে জাতীয় সংগীতেৰে অনুষ্ঠানৰ সামৰণি পৰে৷

Leave A Reply