Breaking

সোণতলীৰ বৰঘোল বাগান বজাৰ বাহাল ৰখাৰ দাবীত উত্তাল ব্যৱসায়ীৰ প্ৰতিবাদ…

0 51

বকো সমষ্টিৰ ছমৰীয়া ৰাজহ চক্ৰৰ অন্তৰ্গত বৰঘোল বাগান বজাৰ বাহাল ৰখাৰ দাবীত আজি বজাৰখনত বজাৰ পৰিচালনা সমিতিয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ জানিব পৰামতে ছমৰীয়া আঞ্চলিক পঞ্চায়তৰ তৰফৰ পৰা NO—CAP/54-1/Hat/Ghat/Minmahal/2022-23/3472 পত্ৰযোগে কালি সোণতলীৰ সাপ্তাহিক বৰঘোল বাগান বজাৰ ৭ দিনৰ ভিতৰত বজাৰখন বন্ধৰ কৰাৰ বাবে জাননী জাৰি কৰে৷

বজাৰ বন্ধ কৰাৰ চৰকাৰী নিৰ্দেশ পোৱাৰ পিচতে বৰঘোল বাগান বজাৰৰ ব্যৱসায়ী তথা বজাৰ পৰিচালনা সমিতিৰ মাজত তীব্ৰ সৃষ্টি হৈছে ব্যপক প্ৰতিক্ৰিয়াৰ৷ উল্লেখ্য যে সোণতলীৰ বৰঘোল বাগান বজাৰখন বজাৰ পৰিচালনা সমিতিয়ে প্ৰতিবছৰে চৰকাৰক উপযুক্ত ‘কৰ’ দি বজাৰখন পৰিচালনা কৰি আহিছে৷

আনহাতে বজাৰ পৰিচালনা সমিতিয়ে চৰকাৰক “কৰ” দি লেচীৰ জৰিয়তে বজাৰ পৰিচালনা কৰাৰ পিচতো কিহৰ ভিত্তিত বজাৰখন বন্ধ কৰাৰ নিৰ্দেশনা জাৰি কৰিলে তাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ বৰঘোলৰ বজাৰ বন্ধৰ নিৰ্দেশ দিয়াত উপায়ন্তৰ হৈ বজাৰৰ ক্ষুদ্ৰ ব্যৱসায়ী আৰু বজাৰ পৰিচালনা সমিতিয়ে আজি বৰঘোল সাপ্তাহিক বজাৰখন বাহাল ৰখাৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷

প্ৰতিবাদকাৰীসকলে হাতে হাতে প্লেকাৰ্ড আদি লৈ আমাৰ বজাৰ বৈধ বজাৰ, আমাৰ বজাৰ নিবিদা বজাৰ, বৰঘোল বাগান বজাৰ ন্যায্য বজাৰ, আমাৰ দাবী মানি লওক আদি শ্ল’গান দি পৰিবেশ মূখৰিত কৰি তোলে৷

-ৰেজাউল কবিৰ

Leave A Reply