নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত আল্লিয়াৰ মিলন বজাৰৰ সমীপৰ নোনা নৈৰ ওপৰত থকা বাঁহৰ দলং বাঢ়নী পানী উটুৱাই নিয়াত বৃহত্তৰ অঞ্চলটো ৮/১০ খন গাঁৱৰ ৰাইজৰ যাতায়ত -যোগাযোগৰ ক্ষেত্ৰত ভীষণ অসুবিধা সৃষ্টি হৈছে।উল্লেখ্য যে আল্লিয়া- দ্বাৰকুছী সংয়োগী পথছোৱাৰ ওপৰত উক্ত স্থানত নোনা নৈখনৰ ওপৰত এখন পকী দলং নিৰ্মাণ কাম কৰিছিল এগৰাকী বহু বিতৰ্কিত ঠিকাদাৰে।কিন্তু দুখৰ বিষয যে আজি প্ৰায় চাৰিবছৰে উক্ত পকী দলংখনৰ নিৰ্মাণ কাৰ্য সম্পৰ্ণ নোহোৱাত এখন অস্থায়ী বাঁহৰ সাঁকোৰে পথচাৰী ৰাইজে ইপাৰ -সিপাৰ হৈছিল যদিও নৈখনৰ বাঢ়নী পানীয়ে কালি বাঁহৰ সাঁকোখন উটুৱাই নিয়াত সম্প্ৰতি যাতায়ত বন্ধ হৈ পৰিছে।ইফালে আল্লিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ধৰ্মেশ্বৰ দাস,সাধাৰণ সম্পাদক নীলোৎপল দাসৰ নেতৃত্বত এটি সজাঁটি দলে আবেলি উক্ত স্থান পৰিভ্ৰমণ কৰি ক্ষোভিত হৈ পৰে।লগতে দলটোৱে শীঘ্ৰে যাতায়ত-যোগাযোগ সুচল কৰি তুলিবলৈ প্ৰশাসন দাবী তুলিছে।ইফালে দুৰ্নীতি পৰায়ণ ঠিকাদাৰক আছুৱে নাকী লগাবলৈ চৰকাৰ তথা গড়কাপ্টানী মন্ত্ৰীকো দাবীও জনাইছে।