Breaking

মৰ্মান্তিক ! সামাজিক সংকীৰ্ণতাৰ বলি এটা পৰিয়াল ৷পুতি থোৱা মৃতদেহ গাতৰ পৰা উলিয়াই সৎকাৰৰ ব্যৱস্থা …

0 81

সামাজিক সংকীৰ্ণতাৰ বলি এটা পৰিয়াল ৷পুতি থোৱা মৃতদেহ গাতৰ পৰা উলিয়াই সৎকাৰৰ ব্যৱস্থা ।

মঙলদৈ পতালসিঙ পাৰাৰ গণক চুবাত এক হৃদয় বিদাৰক ঘটনা । সামাজিক সংকীৰ্ণতাৰ বলি হল এটা পৰিয়াল । সৎকাৰৰ বিপৰীতে গাত খান্দি পুতি থোৱা হৈছিল এটা মৃতদেহ । সমাজৰ একাংশ লোকৰ সংকীৰ্ণ মনোভাৱৰ বাবে হিন্দু ৰীতি নীতি অনুসৰি সৎকাৰ কৰাৰ পৰিবৰ্তে গাতত মৃতদেহ পুতিব লগা হোৱাত স্তম্ভিত হৈ পৰিছে সচেতন সমাজ । ঘটনা মঙলবাৰৰ ।


যোৱা মঙলবাৰে মঙলদৈ গণক চুবাত মৃত্যু হৈছিল অতুল শৰ্মা নামৰ এগৰাকী ব্যক্তিৰ ।তাৎপৰ্যপূৰ্ণ বিষয় যে গণক সম্প্ৰদায়ৰ ব্যক্তি অতুল শৰ্মাৰ মৃত্যুৰ পাছত মৃতদেহ সৎকাৰ কৰিবলৈ নাহিল ওচৰ চুবুৰীয়াৰ কোনো এজন ব্যক্তি । অৱশেষত মৃত অতুল শৰ্মাৰ তিনি ভাতৃৰ সহায়ত কিবাকৈ নি নদীৰ পাৰত গাত খান্দি পুতি থয় ।

উল্লেখযোগ্য যে যোৱা প্ৰায় ২৭ বছৰ পূৰ্বে অতুল শৰ্মাই কোঁচ সম্প্ৰদায়ৰ প্ৰণিতা দেৱীক বিয়া কৰাইছিল । সমাজৰ মতে এইটোৱে দোষ আছিল অতুল শৰ্মাৰ । যাৰ বাবে প্ৰতি নিয়ত সকলো সামাজিক কামৰ পৰা বঞ্চিত হৈ আহিছে পুত্ৰ জীয়ৰী সহ পত্নী প্ৰণিতা দেৱী ।এইবাৰ সম্পূৰ্ণ আমানৱীয়তা প্ৰদৰ্শন কৰি মৃতদেহ সৎকাৰ কৰিবলৈও আগবাঢ়ি নাহিল ওচৰ চুবুৰীয়া ।

মঙলদৈ পাতালসিং পাৰাৰ ঘটনাৰ পিছত আজি অতুল শৰ্মাৰ গৃহত উপস্থিত আক্ৰাচুৰ কেন্দ্ৰীয় নেতৃত্ব ৷ লগতে মঙলদৈ আৰক্ষী আৰু দাণ্ডাধিশৰ উপস্থিতিত মৃতদেহ পুতিথোৱা স্থানৰ  গাত খান্দি উলিয়াই আনি ধৰ্মীয় নীতিৰে সত্কাৰ কৰাৰ ব্যৱস্থা কৰে।

Leave A Reply