Breaking

ভোগালী প্ৰাকক্ষণত মাৰ্ঘেৰিটাত শোকাবহ দুৰ্ঘটনা !লিডুৰ পেট্ৰ’ল পাম্পত অঘটন, বিদ্যুৎস্পৃষ্ট হৈ শ্ৰমিকৰ কৰুণ মত্যু…

0 26

ভোগালী প্ৰাকক্ষণত মাৰ্ঘেৰিটাত শোকাবহ দুৰ্ঘটনা । ডাম্পাৰত বৈদ্যুতিক সংযোগ হৈ নিহত যুৱক । ভোগালী প্ৰাকক্ষণত মাৰ্ঘেৰিটা লিডুত সংঘটিত এক শোকাবহ দুৰ্ঘটনা । লিডু স্থিত এটা পেট্ৰল পাম্পৰ পৰা ডাম্পাৰৰ ড্ৰামত ডিজেল ভৰাই থকা অৱস্থাতে চালকে ডাম্পাৰখনৰ পিছৰ অংশ উঠাই দিয়াত বৈদ্যুতিক তাঁৰত লাগি থিতাতে নিহত হয় এজন যুৱক।

নিহত যুৱকজন মাৰ্ঘেৰিটা চেগুনবাৰী নিৱাসী তপন বৰুৱা পুত্ৰ পাপু বৰুৱা(২৯)। পাপু বৰুৱাই জনৈক ৰাণা-ভাস্কৰ নামৰ লোক দুজনৰ এটা কয়লা ভাটাত কাম কৰিছিল। কয়লা খনন ও সৰবৰাহৰ বাবে শুক্ৰবাৰে সন্ধিয়া প্ৰায় ৭ বজাত ডিজেল নিবলৈ আহি শোকাবহ মৃত্যুক আকুৱালি লব লগা হয় যুৱকজন।

উল্লেখ্যে যে পেট্ৰল পামটো নিচেই কাষেদিয়েই ৩৩ হেজাৰ ভল্টেজৰ বৈদ্যুতিক তাঁৰ পাৰ হৈ গৈছে। ইয়াৰ পূৰ্বেও উক্ত স্থানত একাধিক দুৰ্ঘটনা সংঘটিত হৈ আহিছে যদিও পেট্ৰল পাম বা বৈদ্যুতিক তাঁৰ স্থানান্তৰ নকৰা বাবেই পুনৰ এনে দুৰ্ঘটনা সংঘটিত হোৱা অভিযোগ উত্থাপিত হৈছে।

মাৰ্ঘেৰিটা পৰা বিকাশ বৰুৱা ৰিপৰ্ট

Leave A Reply