Breaking

আৰ্থিক দৈন‍্যতাৰ বাবে বিনা চিকিৎসাই এজন যুৱকৰ কৰুণ মৃত্যু

0 2,236

নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বিলপাৰ গাঁৱৰ ধনী ডেকা আৰু কনিকা ডেকাৰ একমাত্ৰ পুত্ৰ সন্তান ২১ বছৰীয়া যুৱক ৰতন ডেকা চিকিৎসাৰ অভাবত কৰুণ ভাবে  মৃত্যুক সাবটিব লগা হয়। । জানিব পৰা মতে বুধবাৰে ৰাতিপুৱা ৰতনৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত সন্ধিয়া ভাগত ৰতন ডেকাক  ৰঙিয়া এখন ব‍্যাক্তিগত চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও সন্ধিয়াভাগত তাতে তেওঁৰ মৃত্যু হয়। উল্লেখ‍্য যে  ৰতন ডেকাৰ দুয়োটা বৃক্কই বিকল বুলি চিকিৎসকে জনোৱাৰ পিছত পৰিয়ালটোৰ লগতে গাঁওবাসীয়ে কান্দোনত ভাগি পৰিছিল।পিতৃ শাৰীৰিক ভাবে অসুস্থ কাৰণে ৰতন ডেকাই পিতৃ মাতৃৰ বাবে দুবেলাৰ ভাতমুঠি যোগাৰ কৰিবলৈ ৰঙিয়াৰ এখন কিতাপ তথা বাতৰি কাকতৰ দোকানত কাম কৰি কোনোমতে চলি আছিল।কিছুদিন পুৰ্বে হঠাৎ ৰতন শৰীৰিক  ভাবে অসুস্থ হৈ পৰাত পৰিয়ালে  চৰকাৰী আৰু বেচৰকাৰী চিকিৎসালয়ত পৰীক্ষা নিৰীক্ষা কৰাৰ পিছত ৰতনৰ দুয়োটা বৃক্কই বিকল হোৱা বুলি ডাক্তৰে জনোৱাৰ পিছত পৰিয়ালটোৰ লগতে ৰতনৰ জীৱনলৈ ঘোৰ অমানিশা নামি আহে।পিতৃ-মাতৃয়ে আনৰ পৰা ধন ধাৰত লৈ বিভিন্নখন চিকিৎসালয়ৰ লগতে গুৱাহাটী মেডিকেল কলেজ হাস্পাতালতো চিকিৎসা কৰিলে যদিও ধনৰ অভাৱত উন্নত চিকিৎসাৰ পৰা থমকি ৰৱলগা হয়। উল্লেখ‍্য যে চিকিৎসকে ৰতনৰ চিকিৎসাৰ বাবে ৩০/৩৫ লাখ টকাৰ প্ৰয়োজন বুলি কোৱাত   উপায়ন্তৰ হৈ পিতৃ মাতৃৰ লগতে গাঁওবাসীয়ে অসম চৰকাৰ তথা মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সহায়ৰ আহ্বান জনোৱাৰ লগতে নলবাৰী বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ নলবাৰী সেৱ কেন্দ্ৰত  সহায় বিচাৰি আবেদন-নিবেদন কৰিছিল যদিও কোনো সুফল নাপালে বুলি পৰিয়ালৰ তৰপৰ জানিব   পৰা গৈছে।উল্লেখ‍্য যে ৰাজ‍্য চৰকাৰে দুখীয়া দৰিদ্ৰ লোকৰ বাবে কেইবাখনো অভিলাষী আঁচনি গ্ৰহণ কৰিছে যদিও ৰতনৰ দৰে এনেকুৱা দাৰিদ্ৰ যূৱকৰ ক্ষেত্ৰত কোনো এখন চৰকাৰী আঁচনিয়ে কিয় ঢুকি নাপালে বুলি ঘগ্ৰাপাৰ আঞ্চলিক ছাত্ৰ সন্থা,অসম জাতীয়তাবাদী যূৱ ছাত্ৰ পৰিষদ,ঘগ্ৰাপাৰ আঞ্চলিক সমিতিকে ধৰি পৰিয়ালয়ে ক্ষোভ প্ৰকাশ কৰিছে।

Leave A Reply