Breaking

মৰ্মান্তিক ঘটনা! অবৈধ মাটি কঢ়িওৱা ট্ৰেক্টৰৰ চেপাত প্ৰান গ’ল কনমানি শিশুৰ

0 73

দৰং ওদালগুৰি জিলাৰ সীমান্তবৰ্তি ওৰাং থানাৰ অন্তৰ্গত ধনশ্ৰীত টেক্টৰৰ চেপাত এজনী কণমানিৰ মৃত্যু হয়।

AS 27C 4479 নম্বৰৰ টেক্টৰৰ চেপাত কৰুণ মৃত্যুক সাৱটি লয় ধনশ্ৰীৰ দক্ষিণ চুৱাৰ আফচানা খাতুনে।

আফচানা খাতুন দক্ষিণ চুৱা এলপি স্কুলৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰী আছিল।

ঘৰৰ সন্মুখত পথৰ কাষত খেলি থকা অৱস্থাত অবৈধ ভাবে মাটি কঢ়িওৱা ট্ৰেক্টৰৰ চেপাত মৃত্যুক সাৱটি লয় দক্ষিণ চুৱাৰ আফচানা খাতুনে।

ঘটনাৰ খবৰ পাই ওৰাং আৰক্ষী থানাৰ এটা আৰক্ষীৰ দল উপস্থিত হৈ টেক্টৰখন ওৰাং থানালৈ লৈ যায়।

উক্ত হৃদয় বিদাৰক ঘটনাই অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে৷

Leave A Reply