Breaking

অভয়াপুৰীৰ কাকৈজানাত শোকাৱহ ঘটনা

0 82

অচিনাক্ত বাহনৰ খুন্দাত কৰুণ মৃত্যু এটা লতামাকৰী বাঘৰ৷

কাকৈজানাৰ মাজেৰে পাৰ হৈ যোৱা ১১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এই ঘটনা সংঘটিত হয়৷

কাকৈজানা সংৰক্ষিত বনাঞ্চলৰ মাজেৰে পাৰ হৈ যোৱা এই পথচোৱা দ্ৰুতবেগী বাহনবোৰ জীৱ-জন্তুৰ বাবে হৈ পৰিছে যমদূত৷

তাৰ পৰিণতিতে আজি এই ঘটনা সংঘটিত হয়।

অনুমান কৰা হৈছে পুৱতি নিশা কোনো দ্ৰুত বাহনৰ খুন্দাত এই লতামাকৰী বাঘটোৰ মৃত্যু হয়৷

বাঘটো মতা আৰু প্ৰাপ্তবয়স্ক বুলি জানিব পৰা গৈছে৷

উল্লেখ্যযোগ্য যে পৰিবহণ বিভাগে এই পথচোৱাত বাহনৰ গতি ঘন্টাত ৪০ কিঃমিঃ নিৰ্ধাৰণ কৰিছে যদিও সেয়া অধিকাংশ বাহনেই মানি নচলে বুলি অভিযোগ আছে৷

Leave A Reply