Breaking

মাজুলীত মৰ্মান্তিক ঘটনা: চানং ঘাটত গৰ্ভৱতী মহিলাৰ চিৎকাৰ, টুলুঙা নাৱৰ ওপৰতে প্ৰসৱ কৰিলে সন্তান, গড়মূৰ পীতাম্বৰদেৱ গোস্বামী জিলা চিকিৎসালয়লৈ অনাৰ পথত শিশুটিৰ মৃত্যু

0 31

এগৰাকী মাতৃৰ বুকু উদং কৰি ঘাটৰ পৰাই ঘৰলৈ ওভতাই নিব লগা হ’ল এগৰাকী প্ৰসূতি মাতৃক। মাজুলীৰ চানং ঘাটত এটা সপ্তাহৰ পূৰ্বে সংঘটিত হোৱা মৰ্মান্তিক ঘটনাটো সোমবাৰে লোকচক্ষুৰ মাজলৈ অহাত কৰুণ ঘটনাটোৱে সমগ্ৰ মাজুলীতে বাট-পথৰ দুৰৱস্থা আৰু স্বাস্থ্যখণ্ডৰ দুখ লগা ছবিখন উদঙাই দেখুৱালে।

চানং গাঁৱৰ পৰা কৃষ্ণ দলেৰ পত্নী বন্তি দলে নামৰ প্ৰসূতি গৰাকীক প্ৰথমে ট্ৰেক্টৰত গড়মূৰ পীতাম্বৰ দেৱগোস্বামী জিলা চিকিৎসালয়লৈ অনাৰ ব্যৱস্থা কৰা হৈছিল আৰু আধা বাট আহি প্ৰসূতি গৰাকীক এখন টুলুঙা নাৱেৰে ভৰ বাৰিষা চুলিৰ আগত জীউ বান্ধি খেৰকটীয়া নদীৰ চানং ঘাটৰে পাৰ কৰোৱা অৱস্থাতে মহিলা গৰাকীয়ে নাৱতেই সন্তান প্ৰসৱ কৰিব লগা হোৱাত ঘাটত আন কেইবা গৰাকীও মহিলাই চাদৰৰ আচলেৰে ঢাকি সন্তানটিৰ প্ৰসৱ কৰোৱাইছিল যদিও সদ্যোজাত শিশুটিক সেই স্থানৰ পৰা প্ৰায় ১২ কিলোমিটাৰ নিলগৰ পীতাম্বৰদেৱ গোস্বামী জিলা চিকিৎসালয়লৈ অনাৰ পথত চিকিৎসালয় নৌপাওঁতেই অতি কৰুণভাৱে দেৱ শিশুটিৱে মৃত্যুক সাৱটিব লগা হোৱাত দুৰ্ভগীয়া পিতৃ-মাতৃ ভাগি পৰে।

স্বাধীনতাৰ ৭৫টা বছৰ অতিক্ৰম কৰাৰ পাছতো অসূচল যাতায়ত ব্যৱস্থাৰ বাবে চিকিৎসালয়লৈ আনোতে নাৱৰ ওপৰতে সন্তান জন্ম দিব লগা হোৱা কৰুণ ঘটনা আৰু চিকিৎসাৰ অভাৱত শিশুৰ মৃত্য হোৱাৰ খবৰে আধুনিক সভ্য সমাজক লজ্জিত কৰিছে।এই নিকৰুণ ঘটনাৰ সাক্ষী দুৰ্ভগীয়া দম্পতীহালে নিজৰ দুখ সাৱটি আমাৰ খবৰৰ এই প্ৰতিবেদনৰ যোগেদি ৰাইজৰ যাতায়ত যোগাযোগ সূচল কৰিবলৈ এখন পকী দলং বিচাৰি চৰকাৰলৈ কাতৰ আহ্বান জনাইছে।

উল্লেখযোগ্য যে,যোৱা বছৰো মাজুলীৰ চানং গাঁৱৰ পৰা এগৰাকী অসুস্থ মহিলাক যাতায়তৰ দুৰৱস্থাৰ বাবে টেক্টৰেৰে চিকিৎসালয়লৈ অনাৰ পথত কৰুণভাৱে মহিলা গৰাকীয়ে মৃত্যুক সাৱটি লৈছিল।বিগত এটা বছৰৰ পূৰ্বে লখিমপুৰ জিলাৰ অন্তৰ্গত লুহিত খাবলু গাওঁ পঞ্চায়ত মাজুলী জিলাৰ সৈতে সংলগ্ন হোৱাৰ পাছত অঞ্চলটোৰ বাট-পথৰ বিশেষ উন্নয়ন চকুত পৰাকৈ দেখা নাই আনহাতে,পূৰ্বেও পাণ্ডৱ বৰ্জিত অঞ্চলটোৰ উন্নয়নৰ বাবে লখিমপুৰ জিলাৰ বিধায়ক মানৱ ডেকাকে ধৰি আন কোনো এগৰাকী বিধায়কেই সদ্দিচ্ছা প্ৰকাশ নকৰাত অঞ্চলটোৰ আজিকোপতি ৰাইজৰ হাহাকাৰ অৱস্থা সৃষ্টি হৈছে।

অনুন্নত যাতায়ত ব্যৱস্থাৰ বাবে সন্তানক হেৰুৱাব লগা দুৰ্ভগীয়া পিতৃ-মাতৃয়ে বিচাৰিছে অনাগত দিনত যাতে পথৰ দুৰৱস্থাৰ বাবে নিজৰ সন্তানক কোনো পিতৃ-মাতৃয়ে হেৰুৱাব নালাগে তাৰ প্ৰতি লক্ষ্য ৰাখি দুয়ো খেৰকটীয়া নদীত সকলো ৰাইজৰ সুবিধা হোৱাকৈ এখন পকী দলং চৰকাৰে নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰক।

Leave A Reply