Breaking

মাজুলীৰ লুহিত খাবলু পঞ্চায়তত মৰ্মান্তিক ঘটনা: ১১ খনকৈ ১০৮ এম্বুলেন্স থাকিও নাপালে সেৱা, উন্নয়নৰ নগ্ন স্বৰূপ উদঙাই প্ৰসূতিয়ে ঘাটতে প্ৰসৱ কৰিলে সন্তান…

0 32

মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনালৈ অনুৰোধ লুহিত নদীৰ দাম্বুকীয়াল ঘাটত এখন পকী দলং দিয়ক,বাৰিষা টুলুঙা নাৱেই আমাৰ ভৰষা,খৰালি জৰাজীৰ্ণ বাঁহৰ দলং,আজি ৰাতি হোৱা হ’লে কি হ’ল হেঁতেন?মোৰ মানুহজনীয়ে বাট পথৰ অসুবিধাত বাটতে হাবি-বননিৰ মাজত গৰু-ছাগলীৰ দৰে সন্তান জন্ম দিছে।’এনেদৰে মাজুলীৰ লুহিত-খাবলু গাওঁ পঞ্চায়তৰ অন্তৰ্গত দাম্বুকীয়াল ১৬ মাইল গাঁৱৰ অনামিকা পায়েং নামৰ প্ৰসূতি গৰাকীৰ স্বামী উপায় পায়েং নামৰ লোকজনে দাম্বুকীয়াল ঘাটত দুৰ্বিসহ জীৱন-যাতনাৰ বাস্তৱ ছবিখন দাঙি ধৰি ‘অসমীয়া খবৰ’ৰ যোগেদি ক্ষোভ উজাৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ দাম্বুকীয়াল ঘাটত এখন পকী দলং নিৰ্মাণ কৰি দি অঞ্চলবাসীৰ সমস্যা সমাধানৰ বাবে আহ্বান জনায়।উল্লেখযোগ্য যে,স্বাধীনতাৰ ৭৭ টা বৰ্ষ অতিক্ৰমৰ পাছতো ৰাস্তা-ঘাটৰ দুৰৱস্থাৰ উন্নয়ন নেদেখা মাজুলীৰ লুহিত খাবলু পঞ্চায়তৰ প্ৰায় ২৮ খন গাঁৱৰ ৰাইজে যমৰ যাতনা ভোগ কৰি আহিছে।কলিয়াপানী স্বৰূপ অঞ্চলটো পূৰ্বে লখিমপুৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত আছিল যদিও নিৰ্বাচনৰ পূৰ্বে ভোটভিক্ষাৰ বাবে অহাৰ বাদে কোনো জনপ্ৰতিনিধিয়ে আৰ্থ সামাজিক উন্নয়নৰ আঁচনি লৈ লুহিত খাবলু পঞ্চায়তলৈ নহাৰ অভিযোগ উত্থাপিত হৈ আহিছে।বিভিন্ন সময়ত লুহিত খাবলুত টুলুঙা নাৱত সন্তান প্ৰসৱ কৰা,ঠেলা গাড়ীত সন্তান প্ৰসৱ কৰা,ঘোঁড়া গাড়ী,টেক্টৰত ৰোগী চিকিৎসালয়লৈ অনাৰ পাছত লুহিত নদীৰ জৰাজীৰ্ণ কাঠৰ দলঙত মৃতদেহ লৈ পথ অৱৰোধ কৰি পকী দলং নিৰ্মাণৰ দাবী জনাইছিল।

দাম্বুকীয়াল ঘাটত চলিত বৰ্ষৰ জুন মাহত এগৰাকী প্ৰসূতিয়ে বোকা-পানীৰ মাজেৰে ঠেলাত চিকিৎসালয়লৈ আহি নাৱৰ ওপৰতে সন্তান জন্ম দিয়া ঘটনা মাৰ নাজাওঁতেই পুনৰ আজি দাম্বুকীয়াল ঘাটত বাট-পথৰ দুৰৱস্থাৰ বাবে মাজুলীত মুঠ ১১ খনকৈ ১০৮ এম্বূলেন্স সেৱা থকাৰ পাছতো প্ৰসূতিৰ আত্মীয়ই ফোন কৰি ১০৮ সেৱা বিচাৰিছিল যদিও প্ৰায় দুঘণ্টা সময় পাৰ হৈ যোৱাৰ পাছত পথৰ দাঁতিত প্ৰসূতি গৰাকীয়ে উন্নয়নৰ নগ্ন স্বৰূপ উদঙাই মানৱ সমাক লজ্জানত কৰি দিনৰ পোহৰত পথৰ ওপৰতে বিপদসংকূলভাৱে অনামিকা পায়েং নামৰ প্ৰসূতি গৰাকীয়ে এটি কন্যা সন্তান জশম দিয়ে।পৰিতাপৰ কথা সন্তান জন্মৰ পাছতো মৰ্মান্তিক ঘটনাটো সংঘটিত হোৱা স্থানত ১০৮ সেৱা গৈ নোপোৱাত খলাবমা পথৰ ওপৰেৰে এখন ই-ৰিক্সাত উঠাই মাতৃ আৰু নৱজাতকক গড়মূৰ জিলা চিকিৎসালয়লৈ প্ৰায় ৫ কিলোমিটাৰ পথ অনাৰ পাছত বহু পলমকৈ অহা ১০৮ এম্বূলেন্সখনেৰে নৱজাতক আৰু মাতৃ গৰাকীক চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰে।বৰ্তমান মাতৃ আৰু নৱজাতকটি সুস্থ যদিও এনে মৰ্মান্তিক ঘটনাই মাজুলীৰ প্ৰকৃত উন্নয়নৰ বিপৰীত ছবিখন উদঙাই দেখুৱাইছে।লুহিত খাবলুবাসীয়ে দাবী জনাইছে যে আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত দাম্বুকীয়াল ঘাটত পকী দলং নিৰ্মাণৰ নিশ্চিত সিদ্ধান্ত গ্ৰহণ নকৰিলে সমগ্ৰ অঞ্চলটোৰ ৰাইজে ভোট বৰ্জন কৰিব।

Leave A Reply