Breaking

তামিলনাডুৰ বিৰুধুনগৰত শোকাৱহ ঘটনা ! আতচবাজী কাৰখানাত বিস্ফোৰণৰ ফলত নিহত ৯জন লোক…

0 19

তামিলনাডুৰ বিৰুধুনগৰত শোকাৱহ ঘটনা। আতচবাজী কাৰখানাত বিস্ফোৰণৰ ফলত নিহত ৯জন লোক। গুৰুতৰভাৱে আহত কেইবাজনো লোক।

স্থানীয় ৰাইজে ঘটনা সন্দৰ্ভত প্ৰকাশ কৰা মতে, বিস্ফোৰণৰ পৰিসৰ ইমানেই অধিক আছিল যে আতচবাজী কাৰখানাটোৰ উপৰিও চাৰিটা অট্টালিকাৰো বিস্তৰ ক্ষতিসাধন হয়।

প্ৰাথমিক তদন্তত কাৰখানাটোৰ ৰাসায়নিক মিশ্ৰণ কক্ষত এই বিস্ফোৰণ সংঘটিত হোৱা বুলি আৰক্ষীয়ে জানিবলৈ দিছে। বিস্ফোৰণ সন্দৰ্ভত তদন্ত অব্যাহত আছে বুলি আৰক্ষীয়ে লগতে সদৰী কৰে।

Leave A Reply