Breaking

ধিঙত শোকাবহ পথ দুৰ্ঘটনা! এজন ছাত্ৰ থিতাতে নিহত; আন এজনৰ অৱস্থা সংকটজনক!

0 139

ধিং মহাবিদ্যালয়ৰ সন্মুখত সংঘটিত এক শোকাবহ পথ দুৰ্ঘটনাত মহাবিদ্যালয় খনৰ এজন ছাত্ৰ থিতাতে নিহত হোৱাৰ লগতে আন এজন ছাত্ৰ গুৰুতৰ ভাৱে আহত হয়৷

নিহত ছাত্ৰজন ধিং মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ দ্বিতীয় সান্মাষিকৰ ছাত্ৰ আশ্ৰাফুল আলম; আনহাতে সংকটজনক অৱস্থাত চিকিৎসাধীন আনচাৰুল নামৰ ছাত্ৰজন৷

AS02 E 8039 নম্বৰৰ মালবাহী ট্ৰাক খনে বাইকৰে গৈ থকা অৱস্থাতে দুয়োকে মহতিয়াই নিয়াৰ ফলত দুৰ্ঘটনাটো সংগটি হয়৷ নিহত ছাত্ৰজনৰ ঘৰ ধিঙৰ ৰৌমাৰী৷ এই ঘটনাক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷

পৰৱৰ্তী সময়ত ঘটনাস্থলীত ধিং আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে চালকজনক উদ্ধাৰ কৰি থানালৈ নিয়ে৷ উল্লেখ্য যে ধিঙত ট্ৰেফিকৰ ব্যৱস্থা নথকাৰ বাবেই সঘনাই পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগত ক্ষোভিত স্থানীয় ৰাইজ৷

Leave A Reply