Breaking

মঙ্গলদৈত শোকাৱহ পথ দুৰ্ঘটনা ! এজনৰ থিতাতে মৃত্যু…

0 121

মঙ্গলদৈ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লেঙেৰীপাৰা বাহঁবজাৰৰ সমীপত ৰাতিপুৱা ৫:৪৫ বজাত এক ভয়ঙ্কৰ পথ দুৰ্ঘটনা সংঘটিত হয়। তিনিজন কিশোৰ ঘৰৰ পৰা টিউচনলৈ মটৰ চাইকেলেৰে গৈ থকাৰ সম‌য়ত বিপৰীত মূখী ট্ৰাকৰ লগত মুখামুখি সংঘৰ্ষ ।

এজন থিতাতে নিহত হয় আৰু আন দুজনক সংকত জনক অবস্থাত বৰ্তমান মঙ্গলদৈ অসামৰিক চিকিৎসালয়লৈ লৈ যায়। জানিব পৰা মতে মটৰ চাইকেল খনত তিনিজন কিশোৰ আছিল, তিনিওজন নৱম শ্ৰেণীৰ ছাত্ৰ ।

তিনিওজনে মঙ্গলদৈ বাঘপৰিৰ বুলি জানিব পৰা গৈছে । মৃত কিশোৰ জনৰ নাম ৰফিকুল ইছলাম,(১৬) আহত দুজন ক্ৰমে আব্দুল গনি(১৬) আৰু ৰাজিদুল হক(১৬) ।

Leave A Reply