Breaking

নাজিৰা ৰহদৈস্থ কৃষি বিজ্ঞান কেন্দ্ৰত বিজ্ঞানসন্মত ঔষধি গছৰ খেতিৰ প্ৰশিক্ষণ

0 35

নাজিৰা মহকুমাৰ ৰহদৈস্থ শিৱসাগৰ কৃষি বিজ্ঞান কেন্দ্ৰত ২৮ , ২৯ মাৰ্চত দুদিনীয়া কাৰ্যসূচীৰে বিজ্ঞান সন্মত পদ্ধতিৰে বনষৌধি উদ্ভিদৰ খেতিৰ ওপৰত এক প্ৰশিক্ষণ শিৱিৰ সফলতাৰে সম্পন্ন হৈ যায় ।প্ৰশিক্ষণৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলত উপলব্ধ বিভিন্ন ধৰণৰ ঔষধি আৰু সুগন্ধিযুক্ত উদ্ভিদৰ বিজ্ঞানসন্মত খেতিৰ ওপৰত আলোচনা কৰাৰ উপৰিও বৰ্তমান এই খেতিৰ বজাৰ ব্যৱস্থা তথা কোনবিলাক ঔষধি গছৰ খেতি কৰিলে কৃষক সকল বেছিকৈ লাভাম্বিত হ’ব এনে তথ্যৰ ওপৰত আলোকপাত কৰা হয় ।

প্ৰশিক্ষণৰ সমল ব্যক্তি হিচাপে উপস্থিত থাকি অসম কৃষি বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ ঈশ্বৰৰ চন্দ্ৰ বৰুৱাই বিভিন্ন ঔষধি গছৰ গুণাগুণৰ ওপৰত ব্যাখ্যা দাঙি ধৰি প্ৰশিক্ষাৰ্থী সকলক ঔষধি গছ সমূহ চিনাক্ত কৰাই দিয়ে । প্ৰশিক্ষণত আন এগৰাকী সমল ব্যক্তি কলিয়াবৰ নাৰ্ছাৰীৰ ৰঞ্জিত বৰাই কৃষক তথা প্ৰশিক্ষাৰ্থী সকলৰ লগত মতবিনিময়ো কৰে । শিৱসাগৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ শস্য বিজ্ঞান বিভাগৰ বিশেষজ্ঞ প্ৰিয়ংকা দত্তই প্ৰশইক্ষণটোৰ দুয়োটা দিনৰ কাৰ্যসূচী আত  ধৰে ।

Leave A Reply