Breaking

টংলাত কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বৈজ্ঞানিক ভিত্তিত গাহৰি পালনৰ প্ৰশিক্ষণ…

0 47

টংলাত কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বৈজ্ঞানিক ভিত্তিত গাহৰি পালনৰ প্ৰশিক্ষণ। গ্ৰাম্য অঞ্চলৰ কৃষক ৰাইজ তথা উদ্যমী যুৱক-যুৱতীসকলক আৰ্থিকভাৱে স্বাৱলম্বীৰ লগতে স্বনিয়োজিত কৰাৰ উদ্দেশ্যে আজিৰে পৰা টংলা পৌৰসভাৰ সভাগৃহত পাঁচদিনীয়া বৈজ্ঞানিক ভিত্তিত গাহৰি পালনৰ প্ৰশিক্ষণ আৰম্ভ হয়। ওদালগুৰি কৃষি বিজ্ঞান কেন্দ্ৰ, লালপুল,অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যোগত আৰু পিডানলামা ফাৰ্মাৰ কোম্পানীৰ সহযোগত অনুষ্ঠিত হোৱা কৰ্মশালাত সমল ব্যক্তি হিচাপে প্ৰশিক্ষণ দিয়ে ড০ প্ৰদীপ ৰাজবংশী, ড০ সুলভ শৰ্মা আৰু কৃষি , আত্মাৰ মৃণালী দেৱীয়ে।

গাহৰি পালন কৰিব লাগিলে ইয়াৰ যতন আৰু সুৰক্ষা, চিকিৎসাৰ ওপৰত কৰ্মশালাত প্ৰশিক্ষাৰ্থীসকলক বৈজ্ঞানিক ভিত্তিত প্ৰশিক্ষণ দিয়াৰ লগতে ফাৰ্মখনৰ আকাৰ আৰু সুবিধাৰ ওপৰতো অৱগত কৰোৱা হয়। কৰ্মশালাত পিদানলামা ফাৰ্মাৰ কোম্পানী পৰিচালন সঞ্চালক প্ৰসন্ন ৰাভা, পৰিচালক দিগন্ত ৰাভা,বাবুল চন্দ্ৰ ৰাভা,শিখা ৰাভা আৰু ধনেশ্বৰ ৰাভাই বিশেষভাৱে সহযোগ আগবঢ়ায়।

Leave A Reply