Breaking

বোকাখাতত বক্তা আৰু বিবাহ পৰিচালকৰ প্ৰশিক্ষণ কৰ্মশালা সম্পন্ন

0 2,259

উত্তৰ পুৱ ভাৰতৰ ধৰ্মীয়, সাহিত্য, সংস্কৃতিৰ অৰাজনৈতিক অনুষ্ঠান শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ প্ৰচাৰ শাখা সমিতিৰ উদ্যোগত আৰু বোকাখাত জিলা শাখাৰ আতিৰ্থ্যত বক্তা আৰু বিবাহ পৰিচালকৰ প্ৰশিক্ষণ কৰ্মশালা অনুষ্ঠিত হৈ যায় ৷ উজনিৰ ১৪ খন জিলা শাখাৰ পৰা অহা এশৰো অধিক পশিক্ষাৰ্থীয়ে ভাগ লয় এই কৰ্মশালাত ৷ বুধবাৰে বোকাখাত জিলা শাখাৰ সদৰ আঞ্চলিক শাখাৰ অন্তৰ্গত বিষ্ণুপুৰ প্ৰাথমিক শাখাৰ নামঘৰত পুৱা দহ বজাত নাম পঞ্জীয়নৰ পাছতেই উদ্বোধনী সভা অনুষ্ঠিত হয় ৷ উদ্বোধনী সভাৰ সভাপতিত্ব কৰে পচাৰ শাখা সমিতিৰ সভাপতি সোনাৰাম ভাগৱতীয়ে ৷ এটি প্ৰাৰ্থনাৰে আৰম্ভণী হোৱা সভাৰ চিনাকী পৰ্বৰ আটঁধৰে মূলৰ প্ৰচাৰক কামিনী দত্তই ৷ প্ৰচাৰ শাখা সমিতিৰ সম্পাদক নবিন দাসে সভা খন উদ্ধোধন কৰাৰ লগতে উদ্দেশ্য ব্যাখ্যাও কৰে ৷ ইয়াৰ পিছতেই পৃথকে পৃথকে ২ টা স্থানত বক্তা আৰু বিবাহ পৰিচালকৰ প্ৰশিক্ষণ কৰ্মশালা অনুষ্ঠিত হয় ৷ বিষ্ণুপুৰ প্ৰাথমিক শাখাৰ নামঘৰত বিবাহ পৰিচালক সকলক সমল ব্যক্তি হিচাপে প্ৰশিক্ষণ প্ৰদান কৰে প্ৰচাৰ শাখা সমিতিৰ সভাপতি সোনাৰাম ভাগৱতীয়ে ৷ শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ সাহিত্য শাখা সমিতিৰ সভাপতি তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰিবেশ্য ক’লা বিভাগৰ অধ্যাপক মৃণাল কুমাৰ বৰুৱাই বক্তাৰ প্ৰশিক্ষাৰ্থী সকলক সমল ব্যক্তি হিচাপে প্ৰশিক্ষণ প্ৰদান কৰে জিলা শাখাৰ নামঘৰ প্ৰাঙ্গনত থকা শ্ৰীমন্ত শঙ্কৰদেৱ বিদ্যালয়ৰ পেক্ষাগৃহত ৷ দুয়োজন সমল ব্যক্তিয়েই প্ৰশিক্ষাৰ্থী সকলক সুন্দৰ ভাৱে প্ৰশিক্ষণ প্ৰদান কৰে ৷ প্ৰশিক্ষণৰ অন্তত বিভিন্ন জিলা শাখাৰ পৰা অহা দুয়োটা বিভাগৰ ১২২ গৰাকী পশিক্ষাৰ্থী সকলৰ মাজত মানপত্ৰও প্ৰদান কৰে প্ৰচাৰ শাখাৰ সমিতিয়ে ৷ অনুস্থানত শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ পৰিকল্পনা আৰু যোগাযোগ উপ সমিতিৰ সম্পাদক প্ৰদীপ হাজৰিকা, বোকাখাত জিলা শাখাৰ মূলৰ সদস্য আৰু শৰণ সদস্য যোগেশ লয়িং, বোকাখাত জিলা শাখাৰ সভাপতি ধনেশ্বৰ লইংকে আদি কৰি জিলা শাখাৰ বিভিন্ন বিষয় ববীয়া সকল উপস্থিত থাকে ৷ বোকাখাত জিলা শাখাৰ সম্পাদক যতিন লইঙে শলাগৰ শৰাই আগ বঢ়োৱা অনুষ্ঠানটি গুৰু বন্দনাৰে পৰিসমাপ্তি ঘটে ৷

Leave A Reply