Breaking

আজাৰাত পৰিবহন বিভাগৰ বাটৰ নাট ! ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ লক্ষ্যৰে বাটৰ নাট প্ৰদৰ্শন…

0 25

আজাৰাত পৰিবহন বিভাগৰ বাটৰ নাট
কামৰূপ মহানগৰ জিলা পৰিবহন বিভাগৰ উদ্যোগত আজি আজাৰাৰ কেবাঠাইতো ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ লক্ষ্যৰে বাটৰ নাট প্ৰদৰ্শন কৰে । জিলা পৰিবহন বিষয়া(প্ৰৱৰ্তক) হিমাংশু দাসৰ নেতৃত্বত ভি আই পি, ৰাণী গেট, আজাৰা আৰু ধাৰাপুৰ চাৰিআলীত নাট প্ৰদৰ্শন কৰে ।

“পথ সুৰক্ষা – জীৱন ৰক্ষা ” বাণীৰে প্ৰদৰ্শিত বাটৰ নাটৰ জৰিয়তে ৰাইজক দুচকীয়া বাহন চলাওতে হেলমেট পৰিধান কৰা, চাৰিচকীয়া চলাওতে চিট বেল্ট , সুৰাপান কৰি গাড়ী নচলাব, চলন্ত অৱস্থাত ম’বাইল ব্যৱহাৰ নকৰিব, তীব্ৰ গতি পৰিহাৰ কৰক,

নাবালক কিশোৰ-কিশোৰীক বাহন চলাব নিদিব আদি বাণীৰে ৰাইজক সজাগ কৰাৰ প্ৰয়াস চলাই । কাইলৈও মহানগৰীৰ বিভিন্ন স্হানত বাটৰ নাট প্ৰদৰ্শন কৰিব বুলি প্ৰৱৰ্তক পৰিদৰ্শক মুকুট দাসে জানিবলৈ দিয়ে ।

Leave A Reply