পশ্চিম গুৱাহাটীৰ মাজিৰগাঁও গাঁও পঞ্চায়তৰ অন্তৰ্গত পূব মাজিৰগাঁওস্থিত ঐতিহাসিক শিলপোতা সত্ৰ চৌহদক ন -ৰূপ দিয়াৰ বাবে স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ বিশেষ তৎপৰতাত অসম চৰকাৰৰ ” অসম দৰ্পন” আঁচনিৰ অধীনত লোক নিৰ্মাণ বিভাগৰ পশ্চিম গুৱাহাটী ক্ষেত্ৰীয় পথ সংমণ্ডলে সত্ৰ সংযোগী পথ নিৰ্মাণকে ধৰি বিভিন্ন উন্নয়ন মূলক কাম সম্পন্ন কৰি আছে । আনহাতে ২৮ আগষ্টত সত্ৰ সংযোগী পথচোৱাক সৌন্দৰ্যবৰ্ধনৰ লগতে পৰিবেশ অনুকুল কৰি ৰাখিবৰ বাবে পশ্চিম গুৱাহাটী ক্ষেত্ৰীয় পথ সংমণ্ডলৰ উদ্যোগত পথচোৱাৰ দাঁতিত বৃক্ষৰোপন কৰা হয় । এটি বকুল গছৰ পুলি ৰোপন কৰি বৃক্ষৰোপন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই । বিধায়ক কলিতাই গছপুলি ৰোপন কৰি নৱনির্মিত পথছোৱা পৰিদৰ্শন কৰি কামৰ বুজ লয় আৰু আঁচনি অনুসৰি লোক নিৰ্মাণ বিভাগে কামখিনী কৰা বাবে সন্তুষ্টি প্ৰকাশ কৰে । আনহাতে কাৰ্যসূচীত পশ্চিম গুৱাহাটী ক্ষেত্ৰীয় পথ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা ধীৰাজ শৰ্মা , সহকাৰী কাৰ্যবাহী অভিযন্তা কুশল কাকতি , কনিষ্ঠ অভিযন্তা অমল ডেকা , অগপৰ কেন্দ্ৰীয় সম্পাদক সুভাষ শৰ্মা , সত্ৰ পৰিচালনা কমিটিৰ সম্পাদক আৰু দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ নৱজ্যোতি দাসকে ধৰি কেবাজনো বিশিষ্ট লোক উপস্থিত থাকে ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- গুৱাহাটী বিমানবন্দৰত প্ৰথম মুখপত্ৰ ‘এল জি বি আই এ ক্ৰনিকেল’ উন্মোচন
- দৈনন্দিন বাৰ্তা গোষ্ঠী চিৰঞ্জীৱী হোৱাৰ লক্ষ্যৰে ”দৈনন্দিন বাৰ্তা” গোষ্ঠীৰ তৰফৰ পৰা বৰপেটাৰ ড° বিৰিঞ্চি কুমাৰ দাস আৰু নাৰায়ণ দাসক সম্বৰ্ধনা…
- শংকৰদেৱ শিশু নিকেতন উত্তৰ গুৱাহাটীত প্ৰাগজ্যোতিষপুৰ বিশ্ব বিদ্যালয়ৰ সম্পৰ্ক অভিযানৰ শুভাৰম্ভ…
- ৩৯ সংখ্যক চৰকাৰী পেঞ্চনাৰ সন্থাৰ সাধাৰণ অধিৱেশনত শিক্ষাবিদ ডঃ হিতেশ ডেকা…
- ৰাজ্যিক ফুটছাল চেম্পিয়ন গুৱাহাটী চিটী এফচিক প্ৰাইজমানী প্ৰদান…
- এছিয়ান টাইকোৱানডো চেম্পিয়নশ্বিপত ব্ৰঞ্জ পদক অৰ্জন কৰা খেলুৱৈ ৰ’দালি বৰুৱাক আন্তৰিক অভিনন্দন জ্ঞাপন মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ…
- আমবাৰীস্থিত অগপৰ মুখ্য কাৰ্যালয়ত দ্যসমাপ্ত লোকসভা নিৰ্বাচনৰ নিৰ্বাচনী কাৰ্যকলাপ বিভিন্ন বিষয় তথা আনুষংগিক দলীয় বিষয় সভাত পৰ্যালোচনা…
- চাপৰৰ হৰ্দেমাৰাত দুই ফৈদৰ মাজত সংঘটিত ভয়ংকৰ মাৰপিট…
- ডিব্ৰুগড়ত চি আৰ পি এফ ১৭১ বেটেলিয়নৰ গ্ৰন্থ বিতৰণ…
- বইটামাৰীৰ তালগুৰীত টুনীয়া নৈৰ খহনীয়াৰ কবলত ৰাজহুৱা শ্মশান সম্পূৰ্ণ ৰূপে জাহ যোৱাৰ উপক্ৰম…