Breaking

অসমৰ জনজাতীয় লোকৰ মাটি ভেটি চিৰস্থায়ী ভাৱে সুৰক্ষিত কৰিবলৈ আহ্বান জনজাতীয় ছাত্ৰ সন্থাৰ (আটছু)

0 2,156

সদৌ অসম জনজাতীয় ছাত্ৰ সন্থা চমুকৈ আটছু ২০১৫ চনত জন্ম গ্ৰহণ কৰা জনজাতীয় সংগঠনটোৱে বিভিন্ন সময়ত জনজাতীয় সমস্যা,তথা জনজাতীক কৰা নিৰ্যাতনৰ বিপক্ষে মাত মাতি আহিছে।শেহতীয়াভাৱে কোকৰাঝাৰ আৰু ঢেঁকীয়াজুলিৰ লগতে নন্দীতা শইকীয়াৰ বৰ্বৰ কাণ্ডক লৈয়ো তীব্ৰ বিৰুধীতা কৰি ফাৰ্ষ্টট্ৰেক আদালতৰ দাবী জনাই আহিছে।থিক একেদৰে নতুনকৈ গঠন কৰিব লগিয়া ৫০ শতাংশ জনজাতী অধ্যক্ষিত অঞ্চল ট্ৰাইবেল বেল্ট এণ্ড  ব্লক, আনহাতে ৫০ শতাংশতকৈ কম  জনজাতীয় অঞ্চলবোৰক ট্ৰাইবেল বেল্ট এণ্ড ব্লক নস্যাৎ কৰা সিধান্ততক অসম জনজাতীয় ছাত্ৰ সন্থাই তীব্ৰ বিৰুধীতা কৰিছে।

আৰু সেয়েহে জনজাতীয় লোকক কৰা ষড়যন্ত্ৰ আৰু নিৰ্যাতন বন্ধ কৰিবলৈ আৰু জানতীয় লোকক সংবিধানে দিয়া অধিকাৰ আৰু প্ৰাপ্যৰ পৰা  বঞ্চিত নকৰি জনজাতীয় অধিকাৰ সমূহ সাব্যস্ত কৰাৰ দাবীত জনজাতীয় ছাত্ৰ সন্থাই ১৪ দফীয়া দাবীৰে ওদালগুৰি জিলাৰ লগতেঅসম জনজাতি ছাত্ৰ সন্থা(আটছু) কেন্দ্ৰীয় সমিতিৰ উদ্যোগত অসমৰ কেইবাখনো জিলা,যেনে-কোকোৰাঝাৰ জিলা উপায়ুক্তৰ জৰিয়তে স্মাৰকপত্ৰ প্ৰেৰণ কৰে আটছুৰ সভাপতি হৰিশ্চৰ ব্ৰহ্ম, মাজুলী জিলা উপায়ুক্তৰ জৰিয়তে স্মাৰকপত্ৰ প্ৰেৰণ আটছু উপ-সভাপতি উত্তম নৰহ, গুৱাহাটী কামৰূপ মেট্ৰৰ উপায়ুক্তৰ জৰিয়তে স্মাৰকপত্ৰ প্ৰেৰণ কৰে মুখপাত্ৰ শ্বেখৰ বড়ো আৰু প্ৰচাৰ সম্পাদক গেৰেমচা নাৰ্জাৰী, ওদালগুৰি জিলাৰ ভেৰগাঁৱ মহকুমাৰ মহকুমাধিপতিৰ জৰিয়তে স্মাৰকপত্ৰ প্ৰেৰণ কৰে আটছুৰ উপ-সভাপতি কনক চন্দ্ৰ বড়ো আৰু প্ৰেছ সচিব অমৰজিৎ ৰাভা, ধেমাজী জিলাৰ জোনাই মহকুমাৰ মহকুমাধিপতিৰ জৰিয়তে প্ৰেৰণ কৰে শিক্ষা সম্পাদক চিত্ৰজিৎ পেগু, শিৱসাগৰ জিলাৰ ডিমৌ চক্ৰ বিষয়াৰ জৰিয়তে প্ৰেৰণ কৰে সাংগঠনিক সম্পাদক ৰঞ্জিত টাহু, ধেমাজী জিলাৰ গোগামুখ চক্ৰ বিষয়াৰ জৰিয়তে প্ৰেৰণ কৰে  সম্পাদক দেৱকুমাৰ পেগু আৰু ক্ৰিয়া সম্পাদক চশাংক পেগু , বাক্সা জিলাৰ বাচকা চক্ৰ বিষয়াৰ জৰিয়তে স্মাৰকপত্ৰ প্ৰেৰণ কৰে বিত্ত সচিব অনুপ মুচাহাৰী আৰু অমিয় কুমাৰ লাউজাৰি।চিৰাং জিলাৰ উপায়ুক্তৰ জৰিয়তে প্ৰেৰণ কৰে সাংস্কৃতিক সম্পাদক অমৃথ বসুমতাৰীয়ে ৷


এনেদৰে কেন্দ্ৰীয় সমিতিৰ নেতৃত্বত অসমৰ প্ৰায়  ৯খন জিলাউপায়ুক্ত,মহকুমাধিপতি আৰু চক্ৰ বিষয়াৰ জৰিয়তে মাননিয় ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু মাননিয় অসমৰ মুখ্যমন্ত্ৰী লৈ অসমৰ জনজাতী সকলৰ বিভিন্ন সমস্যা সমূহ সমাধান কৰিবলৈ প্ৰায় ১৪ দফীয়া দাবীৰে  স্মাৰকপত্ৰ প্ৰেৰণ কৰে।

Leave A Reply