Breaking

মাজবাটৰ বাহিপুখুৰী চাহ বাগিছাত শ্বহীদ দয়াল দাস পানিকাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

0 2,028

২০ ছেপ্তেম্বৰত  ১৯৪২ চনৰ জাতীয় শ্বহীদ দয়াল দাস পাণিকা দেৱৰ ৭৯ সংখ্যক শ্বহীদ দিৱস উদযাপন সদৌ অসম পাণিকা সমাজ ওদালগুৰি জিলাৰ মাজবাট আঞ্চলিক সমিতিৰ উদ্যোগত আৰু বাহিপুখুৰী চাহ বাগিচাৰ উপ শাখাৰ সহযোগত অনুষ্ঠিত হৈ যায় ৷উক্ত কাৰ্য্যসূচীত উপস্থিত থাকি শ্ৰদ্ধাঞ্জলি জনাই শ্বহীদ দয়াল দাস পাণিকাৰ নাতি বোৱাৰী  মালতী পাণিকা, সন্দিয়া কাৰ্য্যসূচীত বন্তি প্ৰজ্বলন কৰে বিটিচিৰ এম চি এল এ দীপক মৌৰ দেৱ,সহযোগ কৰে শ্বহীদ দয়াল পাণিকাৰ নাতি বোৱাৰী  মালতী পাণিকা, সদৌ অসম পাণিকা সমাজৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক ভোলা পাণিকাই ৷ পুষ্পঞ্জলি অৰ্পন কৰে ওদালগুৰি জিলাৰ পাণিকা সমাজৰ সভাপতি  বিনু পাণিকা দেৱ,শিক্ষক তথা অসম চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ সভাপতি  ৰামকৰন গোড় দেৱ,সমাজ সেৱক জীৱন ডেকা দেৱ,বাহিপুখুৰী VCDCৰ সভাপতি তথা অসম চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ সম্পাদক লাধু লোহাৰ দেৱ,শিক্ষক তথা বুদ্ধি জীবি সমাজ সেৱক হেমন্ত মাহাতো দেৱ, সমাজ সেৱক  জয় নাৰায়ণ মাহাতো, দেৱ,চাহ জনজাতি কল্যাণ বিভাগৰ ওদালগুৰি জিলাৰ সভাপতি কৈলাশ তাতি, লগতে উপস্থিত থাকে  ৷অনুষ্ঠানটোত ওদালগুৰি জিলাৰ সম্পাদক দিলৰাজ পাণিকা,সাংগঠনিক সম্পাদক শিৱলাল পাণিকা, মাজবাট আঞ্চলিক পাণিকা সমাজৰ সভাপতি ভোলা দাস পাণিকা,সম্পাদক সত্য নাৰায়ণ পাণিকা,শ্যাম মুন পাণিকা আৰু দুয়ো ভাতৃ  ছাত্র সংগঠ “আছা”আৰু আটছাৰ সভাপতি, সম্পাদক আৰু বহু সংখ্যক ৰাইজ অংশ গ্ৰহন কৰে ৷

Leave A Reply