Breaking

গোসাঁইগাঁৱৰ হাউৰিয়াপেটত তৃণমূল কংগ্ৰেছৰ বিশাল জনসভা

0 84

“২০১৪ চনত কেন্দ্ৰত মোদীৰ চৰকাৰ অহাৰ পাছতেই দেশৰ সংবিধান ধ্বংস কৰিবলৈ ধৰিছে। সংবিধানৰ শপত খাই ক্ষমতাহীন হোৱাৰ পাছত সংবিধানক অমান্য কৰি জাত পাত ধৰ্মৰ নামত মানুহৰ মাজত বিভেদৰ বীজ ৰোপণ কৰি দেশৰ ধৰ্মনিৰপেক্ষতাক ধ্বংস কৰি আৰ এছ এছৰ এক দেশ এক ধৰ্মৰ নীতি দেশত বলবৎ কৰিব বিচাৰিছে। গাদী ৰক্ষাৰ স্বাৰ্থত সমগ্ৰ দেশত সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট কৰি এক অস্থিৰ পৰিৱেশ সৃষ্টিৰ অপপ্ৰয়াস কৰি আছে নৰেন্দ্ৰ মোদীৰ দল আৰু চৰকাৰে।মোদীৰ এই দমন নীতি আৰু স্বৈৰাচাৰৰ বিৰুদ্ধে থিয় দিছে অগ্নিকন্যা তথা তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জীয়ে”-এই ভাষ্য অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ।

বৰাই শনিবাৰে গোসাঁইগাঁও মহকুমাৰ হাউৰিয়াপেটত বিয়লি ৩-৩০ মান বজাত তৃণমূল কংগ্ৰেছেৰ এক বিশাল জনসভাত অংশগ্ৰহণ কৰি লগতে কয়, “কেন্দ্ৰৰ এই স্বৈৰাচাৰী চৰকাৰক উৎখাত কৰিবলৈ ২৬ টা দল ঐক্যবদ্ধ ভাৱে আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে যুঁজ দিবলৈ কঁকালত টঙালি বান্ধিছে। অসমতো বিজেপিক পৰাজিত কৰিবলৈ বিৰোধী দল উমৈহতীয়া ভাৱে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব”। তেওঁ অসমৰ বিজেপিক চালানী মাছৰ লগত তুলনা কৰে। সৰ্বানন্দ অগপৰ পৰা হিমন্ত আৰু তেওঁৰ সাংগো পাংগো কংগ্ৰেছৰ পৰা গৈ বিজেপিৰ পুৰনি নেতা সকলক একাষৰীয়া কৰি এতিয়া ছিণ্ডিকেটৰ চৰকাৰ চলাইছে। যাৰফলত বিজেপিৰ ভিতৰচৰাত এতিয়া দুৰ্বাদল কাজিয়াৰ সৃষ্টি হৈছে। চাকৰিৰ নামতো যে ব্যাপক দুৰ্নীতি সংঘটিত হৈছে সেয়াও ক্ৰমশ প্ৰকাশ পাই আছে।

বিৰোধীয়ে প্ৰকাশ কৰা নাই বিজেপিৰ ভিতৰ চৰাৰ পৰাই বিয়াগোম দুৰ্নীতিৰ তথ্য পোহৰ লৈ আহিছে। চাকৰি লৈ দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা দ্বিবন ডেকা আৰু গ্ৰেপ্তাৰ হোৱা আৰু একাধিক বিজেপিৰ নেতাৰ মুখৰ পৰাই হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ স্বৰূপটো ওলাই পৰিছে বুলি কয় ৰিপুন বৰাই।

“ৰাইজক বেছিদিন বুৰ্বক সজাই ৰাখিব নোৱাৰে। ৰাইজ সকলো বুজি পাইছে। আগুন্তক লোকসভা নিৰ্বাচনত বিজেপি মুক্ত ভাৰত বিচাৰি ইতিমধ্যে মন মেলিছে”- অসমতো বিজেপিক উৎখাত কৰাৰ বাবে ৰাইজলৈ আহ্বান জনায় ৰিপুন বৰাই।

তৃণমূল কংগ্ৰেছেৰ কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি উত্তম তালুকদাৰৰ সভাপতিত্বত আৰু অসম প্ৰদেশ তৃণমূল কংগ্ৰেছেৰ বিশাল জনসভা অনুষ্ঠিত হয়।

প্ৰতিকূল বতৰক নেওচি হেজাৰ হেজাৰ পুৰুষ-মহিলাই জনসভাত অংশগ্ৰহণ কৰে। প্ৰদেশ তৃণমূল কংগ্ৰেছেৰ সাধাৰণ সম্পাদিকা ঝিলাম সত্যনাৰায়ণে তৃণমূল কংগ্ৰেছে আগুন্তক দিনত অসমত কি ধৰণে কাম কৰিব সেই বিষয়ে বিতংকৈ আলোকপাত কৰি ভাষণ আগবঢ়ায়।

বিজেপি আৰ এছ এছক মহিলা বিৰোধী বুলি তেওঁ কয়।মনিপুৰৰ ঘটনাই ইয়াৰ জ্বলন্ত উদাহৰণ বুলি নেত্ৰী গৰাকীয়ে ভাষণত উল্লেখ কৰে। সভাৰ শেষত অসম প্ৰদেশ তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুন বৰাই সাংবাদিকৰে হোৱা স্বাক্ষৎকাৰত কয়,” তৃণমূল কংগ্ৰেছ অসমত খুব কম সময়ৰ ভিতৰতেই জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে। আগন্তক লোক সভা নিৰ্বাচনত তৃণমূল কংগ্ৰেছ ভাল ফল দেখুওৱালৈ সক্ষম হ’ব। অসমত বিজেপিৰ স্থিতি যথেষ্ট পৰিমাণে দুৰ্বল হৈছে। ন-পুৰণি সংঘাতে অস্তিত্বৰ সংকটত ভুগিছে বিজেপি। আগুন্তক লোকসভা নিৰ্বাচনত বিজেপিক হেৰুৱাই ইণ্ডিয়া জোঁট চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’ব”। তৃণমূল কংগ্ৰেছেৰ এইক্ষেত্ৰত বিশেষ ভূমিকা থাকিব বুলিও বৰাই দৃঢ়তাৰে কয়। এই সভাত প্ৰদেশ তৃণমূল কংগ্ৰেছেৰ বহুকেইজন শীৰ্ষ নেতাৰ লগতে হেজাৰ হেজাৰ ৰাইজ উপস্থিত থাকে।

Leave A Reply