Breaking

বঙাইগাঁও জিলা কাৰ্যালয় উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ তৃণমূল কংগ্ৰেছৰ প্ৰদেশ সমিতিৰ সভাপতি ৰিপুন বৰাৰ…

0 83

বঙাইগাঁও জিলাৰ অভয়াপুৰীত বঙাইগাঁও জিলা কাৰ্যালয় শুভ উদ্বোধন অনুষ্ঠানত অংশগ্ৰহণ তৃণমূল কংগ্ৰেছৰ প্ৰদেশ সমিতিৰ সভাপতি ৰিপুন বৰাৰ। সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত বিজেপি দলক তীব্ৰ ভাষাৰে সমালোচনা কৰে ৰিপুন বৰাই। আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিৰোধী শক্তি একত্ৰিত হৈছে যদিও উক্ত বিৰোধী শিবিৰত AIUDF ক চামিল নকৰাৰৰ সন্দৰ্ভত ৰিপুন বৰাৰ প্ৰতিক্ৰিয়া। AIUDFক বিজেপিৰ B টিম বুলি অভিহিত কৰে ৰিপুন বৰাই। ২০২১ চনত অসমৰ বিধানসভা নিৰ্বাচনত বিজেপি বিৰোধী মহাজোঁট বন্ধনত AIUDF চামিল আছিল যদিও নিৰ্বাচনত মহাজোট বন্ধন পৰাজিত হোৱাৰ পিছতেই AIUDFয়ে স্থিতি সলনি কৰি বিজেপিৰ সমৰ্থনত বিজেপিৰ B টিম হৈ পৰিছে বুলি কয়। বিজেপি বিৰোধী শক্তি একত্ৰিত হোৱাৰ ক্ষেত্ৰত সকলো বিৰোধী দল এক হৈ আছে।

AIUDF এতিয়া একাংশ মুছলমান লোকৰ মাজত আছে। কিন্তু মুছলমান লোকসকলেও এতিয়া বুজি পাইছে তেওঁলোকৰ শত্ৰু বিজেপিৰ সমৰ্থনত AIUDF দলে কাম কৰি আছে। সেয়েহে এইবাৰ লোকসভাৰ নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে ৰাইজে ভোট দিব‌ আৰু AIUDF এ আগুন্তুক লোকসভা নিৰ্বাচনত কোনো প্ৰভাৱ পেলাব নোৱাৰে বুলি কয় ৰিপুন বৰাই।

Leave A Reply