Breaking

ৰাজ্যিক বিজেপিলৈ সতৰ্কবাণী তৃণমূল কৰ্মীৰ : প্ৰাক্তন মন্ত্ৰী ৰাজীৱ লোচন পেগুৰ বিজেপি গমনৰ কুচ-কাৱাজত অসন্তুষ্ট মাজুলীবাসী

0 2,049

 কেন্দ্ৰীয় নেতৃত্বৰ বঞ্চনাৰ বেদনা মাৰ নৌ যাওঁতেই পুনৰ মাজুলীবাসীৰ মূৰত যেন আকাশী সৰগ ভাগি পৰিছে ৷ মাজুলীবাসীৰ অতিকৈ মৰমৰ তথা হিয়াৰ আমঠু সৰ্বানন্দ সোণোৱালে কেন্দ্ৰীয় মন্ত্ৰীত্বৰ দায়িত্ব গ্ৰহণৰ পূৰ্বেই তৃণমূল কৰ্মীৰ আবেগ অনুভূতিত মোক্ষম আঘাত হানিবলৈ কৰা ৰাজ্যিক বিজেপিৰ কুচ-কাৱাজক লৈ মাজুলীৰ সৰ্বসাধাৰণ ৰাইজ তথা বিজেপি কৰ্মীৰ মাজত তীব্ৰ অসন্তুষ্টি আৰু ক্ষোভৰ উদ্গীৰণ হোৱা পৰিলক্ষিত হৈছে ৷ বহু জল্পনা-কল্পনাৰ অন্তত প্ৰাক্তন মুখ্যমন্ত্ৰী তথা মাজুলীৰ বিধায়ক সৰ্বানন্দ সোণোৱালৰ কেন্দ্ৰীয় মন্ত্ৰীত্ব গ্ৰহণ প্ৰায় নিশ্চিত হৈছে ৷ ৰূপজ্যোতি কুৰ্মীৰ বিজেপি গমনৰ পিছতে আগন্তুক দিনত লখিমপুৰত ৰাজীৱ লোচন পেগুৱে বিজেপিত যোগদান কৰিব বুলি প্ৰচাৰ হোৱা বাতৰিয়ে বিক্ষুব্ধ কৰি তুলিছে মাজুলী বিজেপিৰ তৃণমূল কৰ্মীৰ লগতে মাজুলীবাসীক ৷ ক্ৰমাৎ মধ্যকালিন নিৰ্বাচনৰ দিশে গতি কৰা মাজুলীত প্ৰাক্‌ নিৰ্বাচনী কুচ-কাৱাজ আৰম্ভ নৌ হওঁতেই একালৰ সতীৰ্থ তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেজত ধৰি বিজেপিৰ পৰা বিধায়ক হৈ ৰাজনৈতিক বৈতৰণী পাৰ হোৱাৰ সপোন ৰচিছে মাজুলীবাসীৰ প্ৰত্যাখিত নেতাজনে ৷ যিহেতু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী ৰূপত প্ৰথমবাৰ মাজুলী ভ্ৰমনতে  মাজুলী বাসীৰ প্ৰত্যাখিত প্ৰাক্তন মন্ত্ৰী ৰাজীৱ লোচন পেগুক সাক্ষ্যাৎ দিয়া কাৰ্যক সহজ ভাৱে লোৱা নাই মাজুলীবাসীয়ে ৷ বিগত সময়ত গণ বিচ্ছিন্ন  প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে গোপনে ৰাজ্যিক বিজেপি নেতৃত্বৰ লগত কৰা মিতিৰালিৰ বাতৰিয়ে যেন জ্বলা জুইত ঘিউহে ঢালিছে ৷ ইফালে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কেন্দ্ৰীয় মন্ত্ৰীত্ব গ্ৰহণ কৰাৰ পাছতে মাজুলীত উপ-নিৰ্বাচনৰ প্ৰসংগ আহি পৰিব ৷ তেনে স্থলত মাজুলীক নেতৃত্ব দিব পৰা নেতা মাজুলী বিজেপি দলত থকা স্বত্বেও মাজুলী বিজেপিৰ লগত কোনো ধৰণৰ সম্পৰ্ক বা আলোচনা নকৰাকৈয়ে ৰাজ্যিক স্তৰৰ এচাম স্বাৰ্থান্বেষী নেতাই কিনা গোলামৰ দৰে মাজুলীবাসীক গিনিপিগ সজাইছে বুলিও তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে গৰিষ্ঠ সংখ্যক মাজুলীবাসীয়ে ৷ আনহাতে দলৰ দুৰ্দিনৰ সময়ত দলীয় সেৱা আগবঢ়োৱা অনেক কেইজন যোগ্য নেতা থকা স্বত্বেও মাজুলীবাসীৰ আবেগ-অনুভূতি আৰু আত্মসন্মানক লৈ খেলা কৰাৰ স্পৰ্ধা ৰাজ্যিক নেতাই কৰিছে বুলি মাজুলীৰ গৰিষ্ঠ সংখ্যক বিজেপিয়ে মত প্ৰকাশ কৰিছে ৷স্মৰ্তব্য যে বিগত সময়ত তৃণমূল সংগঠনৰ সৈতে জড়িত হৈ বহু কেইজন মাজুলীৰ বিজেপি কৰ্মীয়ে দলৰ দুৰ্দিনৰ পৰা সংগঠন কৰি দলক জয়ী কৰাৰ লগতে স্বাধীনতাৰ পশ্চাৎ পোন প্ৰথমবাৰৰ বাবে মাজুলীৰ পৰা এজন মুখ্যমন্ত্ৰী দিবলৈ সামৰ্থবান হৈছিল৷ মাজুলীৰ সৰ্বত্ৰ উঠিছিল উন্নয়নৰ জোঁৱাৰ ৷ আনহাতে বিগত ২০০১ ৰ পৰা ২০১৫ লৈ কংগ্ৰেছৰ শাসন কালত মাজুলীবাসীৰ উন্নয়নক পিঠি দি সাংগো-পাংগো সহ কেৱল লুণ্ঠনৰাজ চলোৱাৰ অভিযোগ থকা প্ৰাক্তন মন্ত্ৰী ৰাজীৱ লোচন পেগুক মাজুলীবাসীৰ অজ্ঞাতে বিজেপিত যোগদানৰ আখৰা কৰা আৰু বিজেপিৰ প্ৰাৰ্থীত্ব প্ৰদানৰ সম্ভাৱনীয়তাই মাজুলী বিজেপিৰ বেলি অস্তমিত হোৱাৰ দিশে গতি কৰিছে বুলিও সচেতন মহলে মন্তব্য কৰিছে ৷ প্ৰাপ্ত খবৰ অনুসৰি ৰাজ্যিকৰ এচাম নেতাই সাংসদ প্ৰদান বৰুৱাক লৈ মাজুলীত অংক কৰা বুলি গুজব উঠিছে ৷ প্ৰচুৰ অভিজ্ঞতা সম্পন্ন আৰু মাজুলীৰ মানুহৰ সৈতে অতিকে আপোনত্ব গঢ়িবলৈ সক্ষম হোৱা সাংসদ গৰাকীয়েও মূৰকত মাজুলীৰ পৰা প্ৰতিত্বন্দিতা কৰিব পাৰে বুলিও এক সমৰ্থিত সূত্ৰত প্ৰকাশ পাইছে ৷ সি যি কি নহওঁক মাজুলী বিজেপি তথা মাজুলীবাসীৰ গৰিষ্ঠ সংখ্যকে অন্য দলৰ বা মাজুলীৰ বাহিৰৰ ব্যক্তিক প্ৰাৰ্থীত্ব দি মাজুলীবাসীক গিনিপিগ সজোৱাৰ পৰা বিৰত থাকিবলৈ চৰম সকিয়নী দিছে ৷ ইয়াৰ অন্যথা মাজুলীত বিজেপি শূন্য কৰাৰ লগতে ক্ষোভৰ অগনি দাবানললৈ পৰিণত কৰিবলৈ তৃণমূল কৰ্মী প্ৰস্তুত হৈ আছে বুলিও এক সূত্ৰৰ পৰা জানিব পৰা গৈছে ৷ মুঠৰ ওপৰত ধৰ্মৰাজ্য প্ৰতিষ্ঠা কৰিবলৈ প্ৰয়োজনত মাজুলীবাসীয়ে ৰাৱনতকৈ ৰামক সহায় কৰি বিভিষণ হ’বলৈয়ো প্ৰস্তুত বুলি চৰ্চা চলিছে ৷মাজুলীত উপ-নিৰ্বাচনৰ সম্ভাৱনা নাকচ সাংসদ প্ৰদান বৰুৱাৰ যোৱা পাঁচটা বছৰ মাজুলী সমষ্টিক প্ৰতিনিধিত্ব কৰি নিজৰ দক্ষতাৰ জৰিয়তে উন্নয়নৰ চমক দেখুৱাই মাজুলীবাসীৰ অন্তৰত ঠাই পোৱা প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ বিধায়ক সৰ্বানন্দ সোণোৱালক কোনো কাৰণতেই সমষ্টি এৰি যোৱাটো কামনা কৰা নাই ৷ ৰাজনীতিৰ মেৰপাকত দ্বিতীয়বাৰৰ বাবে মাজুলীক প্ৰতিনিধিত্ব কৰি পুনৰবাৰ মুখ্যমন্ত্ৰীৰ আসনত সৰ্বানন্দ সোণোৱাল অধিষ্ঠিত নহ’ল যদিও এতিয়া কেন্দ্ৰীয় মন্ত্ৰী সভাত মন্ত্ৰীত্ব গ্ৰহণ কৰিব বুলি ওলোৱা খবৰত বিমোৰত মাজুলীবাসী ৷ কালি মাজুলীলৈ অহা সাংসদ প্ৰদান বৰুৱাক এই সন্দৰ্ভত সাংবাদিকে শোধা প্ৰশ্নৰ উত্তৰত মাজুলী সমষ্টিত উপ-নিৰ্বাচনৰ কথা অহা নাই বুলি কৈ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ সমষ্টিৰ বিধায়ক সৰ্বানন্দ সোণোৱালেই সন্মানীয় সমষ্টিত সেৱা আগবঢ়াই যাব বুলি মন্তব্য কৰে ৷ তেখেতে অসমৰ তিনিটা সমষ্টিত হে উপ-নিৰ্বাচন হ’ব বুলি কয় ৷ 

Leave A Reply