Breaking

পৰ্ণ তাৰকাক দিয়া ‘উৎকোচ’ সন্দৰ্ভত প্ৰশ্ন কৰাৰ বাবে ট্ৰাম্পে সাংবাদিকক বিমানৰ পৰা দিলে বাহিৰ কৰি

0 68

আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এজন সাংবাদিকক গতিয়াই দিয়াৰ অভিযোগ উঠিছে। অভিযোগ অনুসৰি, সাংবাদিকজনে ট্ৰাম্পক পৰ্ণ তাৰকা ষ্টৰ্মি ডেনিয়েলছৰ বিষয়ে সুধিছিল। নিষেধাজ্ঞাৰ পিছতো তেওঁ ৰৈ নাথাকিল। ইয়াৰ পিছত তেওঁ সাংবাদিকজনক বিমানৰ পৰা বাহিৰ কৰি দিয়ে।

২৫ মাৰ্চত সংঘটিত হৈছিল এই ঘটনা। আমেৰিকাৰ সংবাদ সংস্থা ফক্স নিউজৰ প্ৰতিবেদন অনুসৰি টেক্সাছত প্ৰচাৰ চলোৱাৰ পিছত ট্ৰাম্পে নিজৰ বিমানত সংবাদ মাধ্যমৰ সৈতে কথা পাতি আছিল। এনবিচি নিউজৰ সাংবাদিক ভ’গান হিলাৰ্ড তাত আছিল। তেওঁলোকৰ কথা-বতৰাৰ এটা অডিঅ’ ফাদিল হোৱা বুলি দাবী কৰা হৈছে। হিলাৰ্ডে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীক প্ৰশ্ন কৰা শুনা যায় যে তেওঁ পৰ্ণ ষ্টাৰগৰাকীৰ গোচৰৰ অগ্ৰগতিৰ বাবে হতাশ হৈছে নেকি? ইয়াৰ উত্তৰত ট্ৰাম্পে কয় যে তেওঁ একো ভুল কৰা নাছিল। গতিকে তেওঁ বিচলিতও হোৱা নাছিল।

ইয়াৰ পিছত ট্ৰাম্পৰ খং উঠিল। তেওঁ সাংবাদিকগৰাকীক কয়, “এয়া ভুৱা বাতৰি।” আপোনাৰ সংগঠনটো ভুৱা বাতৰি প্ৰচাৰৰ বাবে কুখ্যাত। মোক আৰু প্ৰশ্ন নকৰিবা। শুনিছোঁ তুমি এজন ভাল মানুহ। কিন্তু সেয়া নহয়। তোমাৰ লগত কথা পাতিব নিবিচাৰো।”

অৱশ্যে ট্ৰাম্পে এই কথা কোৱাৰ পাছতো সাংবাদিকগৰাকীয়ে থমকি ৰোৱা নাছিল। একেটা বিষয়তে তেওঁ আৰু প্ৰশ্ন কৰি আছিল। তেতিয়াই সাংবাদিকজনৰ মোবাইল ফোনটো কাঢ়ি লৈ ​​যায় প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে। ইয়াৰ পিছতে ট্ৰাম্পৰ সহায়কসকলে সাংবাদিকজনক বিমানখনৰ পৰা আঁতৰাই দিয়ে৷

পৰ্ণ তাৰকা ষ্টৰ্মিক ১ লাখ ৩০ হাজাৰ ডলাৰ উৎকোচ দিয়াৰ অপৰাধমূলক গোচৰত অভিযুক্ত ট্ৰাম্প। অভিযোগ অনুসৰি ট্ৰাম্পে পৰ্ণ ষ্টাৰগৰাকীক উৎকোচ দিছিল যাতে তেওঁ এই প্ৰেমৰ বিষয়ে মুকলিকৈ ক’ব নোৱাৰে। এই গোচৰত নিউয়ৰ্কৰ মানহাটান আদালতত আত্মসমৰ্পণ কৰিবলৈ গৈছিল ট্ৰাম্প।

ইয়াৰ পূৰ্বে ন্যায়াধীশ জুয়ান মাৰ্চেনৰ নিৰ্দেশ অনুসৰি আৰক্ষীয়ে তেওঁক জিম্মাত লৈছিল। কিন্তু এতিয়াৰ বাবে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে আৰক্ষী আৰু জেলৰ জিম্মাত পৰাৰ পৰা হাত সাৰিছে।

Leave A Reply