Breaking

ৰাজ্যত আক্রান্তৰ হাৰ ২.৬%লৈ পুনৰ বৃদ্ধি

0 519

বিগত কেইবাদিনৰ তুলনাত মঙলবাৰে পুনৰ কিছু পৰিমাণে বৃদ্ধি পাইছে ক’ভিড আক্রান্তৰ হাৰ৷ মঙলবাৰে ২.৬৪ শতাংশলৈ বৃদ্ধি পাইছে এই হাৰ৷ আজি ৰাজ্যত মুঠ ২,৬৭২জন লোক আক্রান্ত হৈছে৷ বিগত ২৪ ঘণ্টাত ১,০১,২২২টা নমুনাৰ পৰীক্ষা সম্পন্ন কৰা হৈছে৷ আক্রান্তসকলৰ ভিতৰত সর্বাধিক ৩৩২জন গোলাঘাট জিলাৰ৷ তদুপৰি নগাঁৱৰ ১৯৯জন, শোণিতপুৰৰ ১৭৫জন, বিশ্বনাথৰ ১৭২জন আৰু কামৰূপ মহানগৰ জিলাৰ ১৪৯জন লোক নতুনকৈ ক’ভিডত আক্রান্ত হৈছে৷

ইপিনে  ক’ভিডত মৃত্যু হৈছে ২৭জন লোকৰ৷ মৃত্যু হোৱা লোকসকলৰ ভিতৰত সর্বাধিক চাৰিজন তিনিচুকীয়া জিলাৰ৷ সমান্তৰালভাৱে বিশ্বনাথ আৰু যোৰহাটৰ তিনিজনকৈ লোকে প্রাণ হেৰুৱাইছে ক’ভিডত৷ একে সময়তে ডিব্রুগড়–কোকৰাঝাৰ দুজনকৈ, বৰপেটা–দৰং–ধেমাজী হাছাও–গোৱালপাৰা– গোলাঘাট–কামৰূপ মহানগৰ–কামৰূপ– আংলং–কৰিমগঞ্জ–ম এজনকৈ লোকৰ মৃত্যু ঘটিছে৷ আজি ক’ভিডৰ পৰা সুস্থ হৈ উঠিছে ১,৯৯৬জন লোক৷ সম্প্রতি বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ২৫,৬৯২জন লোক৷

Leave A Reply