Breaking

ডিমৌ নিতাইপুখুৰীৰ জীয়ৰী তুলিকা দেউৰীৰ ৰাষ্ট্ৰীয় এথলেটিকছত সাফল্য, ডিমৌ নিতাইপুখুৰীত বিপুল সম্বৰ্দ্ধনা

0 78

উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌত অভিদয়া য়ুথ ক্লাৱৰ উদ্যোগত গত ৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত নেচনেল স্পটচ মিট ২০২৩ৰ ৪০০ মিটাৰ দৌৰত অংশগ্ৰহণ কৰি ডিমৌ সমীপৰ পানীদিহিং মৌজাৰ চামগুৰি গাৱঁৰ নিবসী তুলিকা দেউৰীয়ে প্ৰথম স্হান অধিকাৰ কৰি নিতাইপানীদিহিং তথা ডিমৌলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷

ডিমৌৰ পৰা কিছু নিলগৰ চামগুৰি গাৱঁৰ দীনেশ দেউৰী আৰু পল্লবী দেউৰীৰ একমাত্ৰ কন্যা তুলিকা দেউৰীয়ে কটিয়ৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীত অধ্যয়ন কৰি আছে৷

ইফালে ছাত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত সাফল্য লাভ কৰাত থাওৰা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোঁহাই, দেউৰী স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ভৈৰৱ দেউৰী, কটিয়ৰী সমষ্টিৰ কাৰ্যবাহী সদস্য হিৰণজিৎ বীৰেশ্বৰ দেউৰী, টেঙাপানী সমষ্টিৰ সাধাৰণ সদস্য সোণেশ্বৰ দেউৰীকে ধৰি বিভিন্নজনে শুভেচ্ছা জ্ঞাপন কৰিছে৷

আনহাতে ১১ ফেব্ৰুৱাৰী পুৱা ছাত্ৰীগৰাকী গুৱাহাটীৰপৰা বামৰজাবাৰীত উপস্থিত হোৱাত অঞ্চলটোৰ দল-সংগঠন তথা ৰাইজে ঢোলেদগৰে আদৰি আনি বিপুলভাৱে সম্বৰ্ধনা জনাই উজ্জ্বল ভৱিষ্যত কামনা কৰে।

Leave A Reply