Breaking

গৰমৰ বাতৰি পঢ়ি থকাৰ সময়তে গৰমত মূৰ্চ্ছা গ’ল টিভি এংকৰ!

0 25

দেশত এইবেলি বাঢ়িব গৰম গৰমৰ মাজত এগৰাকী টিভি এংকৰে হিটৱেভৰ বাতৰি লাইভ অন এয়াৰ পঢ়ি থাকোতে মূৰ্ছা গল। বাতৰি পঢ়ি থকাৰ সময়তে তেওঁৰ ৰক্তচাপ হঠাতে হ্ৰাস পাইছিল। দূৰদৰ্শনৰ কলকাতা শাখাৰ এগৰাকী এংকৰ লোপামুদ্ৰা সিনহাই গৰমৰ খবৰ পঢ়ি থকা সময়তে এনে ঘটনা ঘটে। তেওঁ তেওঁৰ চকীত বাগৰি পৰিছিল।
সিনহাই পিছত কয় যে তেওঁ তীব্ৰ গৰমৰ বাবে আৰু তেওঁৰ ৰক্তচাপ হঠাতে হ্ৰাস পাইছিল আৰু তেওঁ মূৰ্চ্ছা গৈছিল।

এংকৰগৰাকীয়ে লগতে কৈছিল যে কুলিং চিষ্টেমত কিছু বাধাৰ বাবে ষ্টুডিঅ’ৰ ভিতৰত অত্যধিক গৰম আছিল।
তেওঁ কয় “মই কেতিয়াও মোৰ লগত পানীৰ বটল নাৰাখো। পোন্ধৰ মিনিট বা আধা ঘণ্টাৰ সম্প্ৰচাৰ হওঁক, মই মোৰ কেৰিয়াৰৰ ২১ বছৰত সম্প্ৰচাৰৰ সময়ত পানী খোৱাৰ প্ৰয়োজনীয়তা কেতিয়াও অনুভৱ কৰা নাই। কিন্তু, সম্প্ৰচাৰ টো শেষ হ’বলৈ ১৫ মিনিট বাকী থকাৰ সময়তে মই অসুস্থ অনুভৱ কৰিছিলো।”সিনহাই কয় যে তেওঁ অলপ পানী খোৱাৰ সুযোগ পোৱা নাছিল কাৰণ তেতিয়া বাতৰি চলি আছিল।

গৰমৰ দিনত সদায় পানী প্ৰচুৰ খাব লাগে বুলিও তেওঁ কয়। এংকৰ সিনহাই এই দুৰ্ঘটনাটোৰ বাবে তেওঁৰ চেনেলৰ ওচৰত ক্ষমা বিচাৰিছে আৰু তেওঁ মূৰ্ছা যোৱাৰ পিছতো বাতৰিৰ সম্প্ৰচাৰ চলাই থকাৰ বাবে প্ৰযোজক সকলক ধন্যবাদ জনাইছে।


তেওঁ কয় “মই কেতিয়াও সপোনতো ভবা নাছিলো যে এনেকুৱা কিবা ঘটিব,”। এইবেলি গৰমে দেশক দহিব বুলি কৈ অহা হৈছে।দেওবাৰে বংগৰ কিছুমান ঠাইত সৰ্বাধিক তাপমাত্ৰা স্বাভাৱিকতকৈ সাতৰ পৰা আঠ ডিগ্ৰী অধিক নথিভুক্ত কৰা হৈছিল।পশ্চিম বংগৰ মিদনাপুৰ আৰু বাংকুৰাত ক্ৰমান্বয়ে ৪৪.৫ ডিগ্ৰী চেলচিয়াছ আৰু ৪৪.৬ ডিগ্ৰী চেলচিয়াছ ৰেকৰ্ড কৰা হৈছে।

Leave A Reply