Breaking

চৰাইদেউ জিলাৰ সোনাৰিত আসাম প্ৰেছ ক’ৰেছপণ্ডেন্টছ ইউনিয়নৰ দ্বাদশ দ্বি-বাৰ্ষিক পূৰ্ণাঙ্গ অধিবেশন

0 1,269

চৰাইদেউ, ২৭ ডিচেম্বৰ: আসাম প্ৰেছ ক’ৰেছপণ্ডেন্টছ ইউনিয়নৰ দ্বাদশ দ্বি-বাৰ্ষিক পূৰ্ণাঙ্গ অধিবেশন খনি চৰাইদেউ জিলাৰ সোনাৰিত ২৬ আৰু ২৭ ডিচেম্বৰত আপকুৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত আৰু চৰাইদেউবাসী ৰাইজৰ সহযোগত সোনাৰিৰ ৰাজহুৱা প্ৰেক্ষাগৃহত বৰ্নাঢ্য কাৰ্য্যসুচীৰে অনুষ্ঠিত হয়। অনুষ্ঠানৰ প্ৰতিনিধি সভা উদ্বোধন  কৰে চৰাইদেউ জিলাৰ উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়াই।আপকুৰ কেন্দ্ৰীয় সভাপতি মনোজ সিং, সম্পাদক প্ৰধান হেমন্ত শইকীয়া, কেন্দ্ৰীয় উপ-সভাপতি আব্দুল খালেক প্ৰমুখ্যে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিনিধিত্ব কৰা প্ৰায় পাচ শতাধিক বিশিষ্ট সাংবাদিক উপস্থিত থাকে ৷ আনহাতে উক্ত প্ৰতিনিধি সভাত সাংবাদিক শ্বহীদ পৰিয়ালক সম্বৰ্ধনা জ্ঞাপন কৰে আপকু কেন্দ্ৰীয় সমিতিয়ে। বিষয় বাচনি সভাত দৰং জিলাৰ আব্দুল খালেক সভাপতি আৰু প্ৰধান সম্পাদক শৰৎ শেনছোৱাকলৈ আপকুৰ সবল নেতৃত্ব দিব পৰা এখন নতুন সমিতি গঠন হয় ৷ আগন্তুক দিনত আপকুই সাংবাদিক সকলৰ ঐক্যবদ্ধ প্ৰচেষ্টাৰ জৰিয়তে সাংবাদিক সকলৰ সুৰক্ষা আৰু অসমৰ সমাজ জীৱনত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি মত প্ৰকাশ কৰে নৱ নিৰ্বাচিত সভাপতি আব্দুল খালেক আৰু প্ৰধান সম্পাদক শৰৎ শেনছোৱাই।

Leave A Reply