Breaking

চিচিবৰগাঁৱত বাৰেচহৰীয়া সভা। ভাগৱত যাত্ৰা, স্মৃতিগ্ৰন্থ ‘বৈষ্ণৱ’ উন্মোচন

0 188

ধেমাজিৰ বৃহত্তৰ চিচিবৰগাঁও অঞ্চলৰ বাৰেচহৰীয়া সবাহখনি আজি চিচিবৰগাঁও মহাবিদ্যালয়ৰ বাকৰিত অনুষ্ঠিত হয়। কালি সন্ধিয়াৰ পৰা গ্ৰহণ কৰা বিভিন্ন কায্যসূচীৰ সমান্তৰালভাৱে আজি দুপৰীয়া ১১ বজাত অনুষ্ঠিত হৈ যায় এক বিশাল সাংস্কৃতিক আৰু আধ্যাত্মিক সম্পন্ন ভাগৱতৰ শোভাযাত্ৰা ।

বিষ্ণু যজ্ঞ স্হলীৰ পৰি চৌখামটিং চাৰিআলি হৈ চিচিবৰগাঁও চাৰিআলি হৈ ওলোৱা এই শোভাযাত্ৰাত হৰিনাম, গায়ন-বায়নেৰে জীপাল কৰি তোলা এই যাত্ৰাত অংশ গ্ৰহণ কৰে ২২খন গাঁৱৰ বিভিন্ন সাংস্কৃতিক দলে। ইফালে শোভাযাত্ৰাৰ শেষত অনুষ্ঠিত হয় এখন ধৰ্মালোচনী সভা। য’ত নাৰায়ণপুৰৰ পৰা নিমন্ত্ৰণ কৰি অনা নিদিষ্ট বক্তা বীৰেণ শৰ্মাই দীঘলীয়া বক্তব্যৰে সকলোকে মোহিত কৰে। এই ধৰ্মালোচনী সভাতেই উন্মোচন কৰে এখনি স্মৃতিগ্ৰন্থ। চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ৰঞ্জিত শইকীয়াই উন্মোচন কৰা এই “বৈষ্ণৱ” নামৰ স্মৃতিগ্ৰন্থখন সম্পাদনা কৰে সাংবাদিক মৃদুপৱন চুতীয়াই। ইফালে ৰাতিলৈ এই মঞ্চতে বিষ্ণুযজ্ঞ আৰম্ভ হোৱাৰ লগতে ৮ ফেব্ৰুৱাৰীত “কুৰুসন্ধ্যা”নামৰ এখনি নাট পৰিৱেশন কৰিব বালিজানৰ শিল্পী সমাজে। এই কথা জানিবলৈ দিছে উদযাপন সমিতিৰ হৈ সভাপতি নৰেশ্বৰ ভূঞা আৰু সম্পাদক নাৰায়ণ চুতীয়াই ।

উল্লেখযোগ্য যে, পৌৰাণিক ধ্যান-ধাৰণাৰ ঐতিহ্য ৰক্ষা কৰি বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি, স্থিতি আৰু লয়ৰ মূল আধাৰ সৰ্বগুণাকৰ পৰম বিষ্ণুৰ উপাসনাৰ জৰিয়তে চিচি অঞ্চলৰ ৰাইজ তথা মানৱ সমাজৰ কল্যাণৰ অর্থে পৰম্পৰাগতভাৱে বহু বছৰ ধৰি নিৰ্দিষ্ট সময়ৰ ব্যৱধানত পূৰ্বৰ লক্ষীমপুৰ জিলাৰ আৰু বৰ্তমানৰ ধেমাজি জিলাৰ অন্তৰ্গত পুৰণি ঠাই চিচিবৰগাঁৱৰ ৰাইজৰ সহযোগত বাৰেচহৰীয়া সবাহ বিষ্ণুযজ্ঞ উদযাপন কৰি অহা হৈছে। যোৱাবাৰ উদযাপন কৰাৰ আঠ বছৰৰ পিছত এইবাৰ পুনৰ আজি মাঘী পূর্ণিমাত বাৰেচহৰীয়া সবাহ “বিষ্ণুযজ্ঞ” ভাগ অনুষ্ঠিত কৰিছে।


Leave A Reply