ওদালগুৰি জিলাৰ প্ৰাণকেন্দ্ৰ স্বৰূপ ৰৌতা অঞ্চলত একাংশ অসাধু ব্যৱসায়ীয়ে দীৰ্ঘদিন ধৰি কৰি আছে ড্ৰাগছৰ ব্যৱসায় । সেয়েহে ৰাজ্যখনৰ অন্যান্য জিলাৰ দৰে বৃহত্তৰ ৰৌতা অঞ্চলত বৰ্তমান ড্ৰাগছৰ বিৰুদ্ধে ব্যাপক গতিত অভিযান চলাই আছে ৰৌতা আৰক্ষী থানাই । গতিকে এনেকুৱা অভিযানৰ সময়ত এক গোপন তথ্যৰ পমখেদি কালি ১০ জুনৰ দিনা আবেলি ৰৌতাৰ আৰক্ষীয়ে সন্দেহ কৰি ড্ৰাগছ ব্যৱসায়ৰ সৈতে জড়িত দুজন যুৱকক গ্ৰেপ্তাৰ কৰে । গ্ৰেপ্তাৰ কৰা যুৱক দুজন ক্ৰমে- অৰুণাচল প্ৰদেশৰ বোমডিলা জিলাৰ বালিমুহ আৰক্ষী থানাৰ অন্তৰ্গত বেটচিলিং গাঁৱৰ টেন নৰবু আৰু অৰুণাচল প্ৰদেশৰ পাপুংপেয়াৰ জিলাৰ নাহৰলগুন আৰক্ষী থানাৰ অন্তৰ্গত নাহৰলগুন ডেমচাইড গাঁৱৰ বুলি জানিব পৰা গৈছে । এই ড্ৰাগছ সৰবৰাহকাৰী ধৃত যুৱক দুজনৰ পৰা ১০ গ্ৰাম হেৰ’ইন আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় । আৰক্ষী বিষয়া হেমন্ত বৰুৱা আৰু এছ আই ছাৰাফত আলীৰ নেতৃত্বত থানাৰ আৰক্ষীৰদলে ৰৌতা থানা এলেকাৰ আমিনপাৰা -ফকিৰআলি নামৰ গাঁৱত চলোৱা অভিযানৰ সময়ত হেৰ’ইন দহগ্ৰামৰ লগত গ্ৰেপ্তাৰ কৰা যুৱক দুজনৰ বিৰুদ্ধে আৰক্ষীয়ে ১২১/ ২১ ইউ / এছ ২১(বি) এন দি পি এছ ধাৰাত নিজাৱবীয়াকৈ গোচৰ ৰুজু কৰি ওদালগুৰি জিলা আদালতলৈ আজি প্ৰেৰণ কৰে।