Breaking

জম্মু বিমানবন্দৰৰ ৫ মিনিটৰ ভিতৰত দুটাকৈ বিস্ফোৰণ

0 1,548

জম্মু বিমানবন্দৰৰ টেকনিকেল এরিয়াত শনিবাৰে নিশা পাঁচ মিনিটৰ ভিতৰত দুটা বিস্ফোৰণৰ ঘটনা সংঘটিত হয়। এই বিস্ফোৰণত দুজন লোক আহত হোৱা খবৰ পোৱা গৈছে। সূত্ৰ অনুসৰি, জম্মু টেকনিকেল বিমানবন্দৰত যোৱানিশা হোৱা বিস্ফোৰণত ড্ৰোণ ব্যৱহাৰ কৰা হৈছে। দুয়োটা বিস্ফোৰণ বিমানবন্দৰৰ ভিতৰত হৈছে আৰু সন্দেহ কৰা হৈছে যে ড্ৰোণৰ সহায়ত আই ই ডি নিক্ষেপ কৰা হৈছে।

সূত্ৰ অনুসৰি, বিস্ফোৰক সামগ্ৰী অট্টালিকাৰ ওপৰত আহি পৰিছিল, যাৰ ফলত সমগ্ৰ বেৰেক ধ্বংস হৈ যায়। দ্বিতীয়টো বিস্ফোৰণ অট্টালিকাৰ লগতে মুকলি স্থানত সংঘটিত হয়। এই দুয়োটা বিস্ফোৰণৰ তদন্তৰ বাবে এনআইএৰ দল ঘটনাস্থলীত উপস্থিত হ’ব কিছু সময় পিছতে।

Leave A Reply