Breaking

দৃষ্টিহীন হৈয়ো জীৱন সংগ্ৰামত ব্যস্ত দুই ভাতৃ-ভগ্নী

0 28

দৃষ্টিহীন হৈয়ো জীৱন সংগ্ৰামত ব্ৰতী হৈছে  দুগৰাকী  অন্ধ ভাতৃ-ভগ্নী ৷ শোণিতপুৰ জিলাৰ চতিয়া সমষ্টি অন্তৰ্গত চাৰিদুৱাৰৰ  ঢাৰিকাটিৰ পালেং গাওঁৰ এটি  দৰিদ্ৰ  পৰিয়ালত জন্ম লাভ কৰা  কৃষ্টিনা পাহাডী আৰু কুমন পাহাডী সম্প্ৰতি ব্যস্ত  জীৱন  সংগ্ৰামত ৷ কৃষক জিৎ কুমাৰ পাহাডী আৰু মৰমী পাহাডীৰ দুই জন্মান্ধ সন্তানে সৰুৰে পৰাই  পিতৃ-মাতৃক কৰি আহিছে সকলো প্ৰকাৰৰ  সহায়  ৷

ঘৰৰ  তাঁতশালত কাপোৰ বৈ, সেই কাপোৰ বিক্ৰী কৰি পঢ়াৰ খৰছ উলিওৱা কৃষ্টিনা বৰ্তমান  ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ ৷ সুন্দৰ গীত আৰু নৃত্য পৰিৱেশন কৰিও বিভিন্ন  ঠাইত  প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে  দৃষ্টিহীনা কৃষ্টিনাই ৷ আনহাতে একমাত্ৰ ককায়েক কমন পাহাডীয়ে সুন্দৰ ঢোল বাদনৰে ৰাইজৰ পৰা প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে ৷ দুয়োগৰাকী জন্নান্ধক লৈ চিন্তিত হৈ পৰিছে  পিতৃ-মাতৃ ৷ দুয়োটি সন্তানৰ কাৰণে ৰাজ্য  চৰকাৰৰ পৰা  সহায়ৰ আহ্বান জনাইছে  পিতৃ-মাতৃয়ে ৷

Leave A Reply