Breaking

দেৰগাঁও আৰক্ষীৰ জালত বিলাসী বাহন সহ দুটাকৈ গৰু চোৰ…

0 85

দেৰগাওঁৰ আৰক্ষী চকীৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰ অঞ্চলৰ জৰাগুৰিৰ পৰা ৪টা গৰু চুৰি কৰি আনি থকাৰ পথত শনিবাৰে নিশা দেৰগাঁও আৰক্ষীয়ে ২টা গৰু চোৰ দুখন বিলাসী বাহন সহ খেদি খেদি কৰায়ত্ব কৰে। এতিয়া গাঁৱে গাঁৱে গৰু চোৰ ঘূৰে বিলাসী বাহনত৷ অবিশ্বাস্য যেন লাগিলেও এই কথায় সঁচা৷ দেৰগাঁও আৰক্ষীয়ে চলোৱা অভিযানত গৰু চোৰ ধৰা পৰিল বিলাসী বাহন সহ ৷

দেৰগাঁও আৰক্ষীয়ে চলোৱা অভিযানত দেৰগাঁও গৰৈমাৰিৰ পৰা দুই গৰু চোৰ সহ দুখন বিলাসী বাহন খেদি খেদি উদ্ধাৰ কৰিবলৈ সক্ষম হয়।জানিব পৰা মতে, দীৰ্ঘ দিন ধৰি ব্ৰহ্মপুত্ৰ অঞ্চলত সংঘটিত হৈ আহিছে সঘনাই গৰু চুৰিৰ কাণ্ড ৷

তাৰ পিছতে চোৰক ধৰিবলৈ স্থানীয় ৰাইজ আৰু আৰক্ষীয়ে অব্যাহত ৰাখিছিল গোপন অভিযান৷ নিশাৰ অন্ধকাৰত ব্ৰহ্মপুত্ৰ অঞ্চলৰ জৰাগুৰীৰ দুল বৰা নামৰ লোকজনৰ ঘৰৰ পৰা তিনিটা গৰু আৰু বিশ্বজিৎ পেগুৰ ঘৰৰ পৰা এটা গৰু চোৰ কৰি পলাবলৈ চেষ্টা কৰিছিল চোৰৰ দলটোৱে ৷ দেৰগাঁও আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত শনিবাৰে নিশা চলোৱা অভিযানত দেৰগাঁও গৰৈমাৰিৰ পৰা  AS-24-A6767  আৰু AS01DT1450 নম্বৰৰ চাৰিটা গৰু সহ দুখন বিলাসী বাহন’ আৰু দুটা চোৰক জব্দ কৰিবলৈ সক্ষম হয় যদিও আন কেইবাটাও চোৰ পলাই যায়। দুধৰ্শ চোৰ কেইটা বৰ্তমান দেৰগাঁও আৰক্ষীৰ জিম্মাত।

Leave A Reply