Breaking

বুৰৈ নৈত গা ধোবলৈ গৈ দুই শিশুৰ শলিল সমাধি…

0 1,028

বিহালী আৰু গহপুৰৰ  সীমামূৰীয়া বুৰৈ নৈত পুনৰ  অঘটন ৷গহপুৰ  ডফলাগড়ৰ পৰা বুৰৈ নৈত  গা ধুৱলৈ আহি শলিল  সমাধি ঘটে দুই কিশোৰৰ ৷ দুৰ্ভগীয়া কিশোৰ দুজনৰ নাম ক্ৰমে দেৱ কুমাৰ গুপ্তা আৰু সুৰজ গুপ্তা ৷ কিশোৰ কেইজন আন ছাৰি বন্ধুৰ সৈতে কাষৰে এটি মন্দিৰলৈ পুঁজা কৰিবলৈ আহি মন্দিৰৰ পৰাই বুৰৈ নৈত গাধোৱাৰ উদেশ্যৰে নৈত নামোতেই  এই অঘটন ঘটে ৷ বৰ্তমান হেলেম আৰক্ষী ঘটনা স্থলীত উপস্থিত হৈ স্হানীয় ৰাইজৰ সহযোগত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈ কিশোৰ দুজনৰ মৃতদেহ উদ্ধাৰ হোৱা নাই ৷

গহপুৰৰ কাৰ্য্যবাহী দণ্ডাধীশ আৰু এন ডি আৰ এফৰ দল ঘটনাস্থলীলৈ ৰাওনা হৈছে  বুলি জানিব পৰা গৈছে। স্থানীয় লোকৰ অভিযোগ দীৰ্ঘদিন ধৰি বুৰৈ নদীত চাৰিলেণ্ডযুক্ত পথ নিৰ্মাণকাৰী সংস্থাৰ DCC কোম্পানীয়ে জে’চি’বি দি অবৈধ ভাৱে চলোৱা শিল বালি খননৰ ফলত সৃষ্টি হোৱা বৃহৎ আকাৰ গাতৰ বাবেই এই কৰুণ ঘটনা সংঘটিত হৈছে ৷ সময় অতিবাহিত হোৱাৰ ঘটনা স্থলীত পৰিস্থিতি ক্ৰমাৎ বেয়াৰ দিশে গতি কৰা পৰিলক্ষিত হৈছে ৷

Leave A Reply