Breaking

গঁড়ৰ আক্ৰমণত আহত দুটাকৈ গৰু

0 2,039

জামুগুৰিহাটৰ চৰাঞ্চলত আজি এটা গড়েঁ সন্ত্ৰাসৰ সৃষ্টি কৰে।কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ পৰা খাদ্যৰ সন্ধানত ওলাই আহি জামুগুৰিহাটৰ দীঘলী চাপৰিত আশ্ৰয় লোৱা গড়ঁটোৰ আক্ৰমণত দুটাকৈ গৰু গুৰুত্বৰ ভাৱে আহত হয়।দিনৰ ১২মান বজাত দীঘলী চাপৰিত গড়ঁটো ৰাইজে প্ৰত্যক্ষ কৰাৰ পাছতে হুলস্থূলৰ সৃষ্টি কৰাত ভয়ত দিকবিদিক হেৰুৱাই খঙাল ৰূপ ধাৰণ কৰা গড়ঁটোৱে এফালৰ পৰা আক্ৰমণ কৰিবলৈ উদ্যত হয়।গড়ঁৰ আক্ৰমণত দুটাকৈ গৰু গুৰুত্বৰভাৱে আহত হয়।ৰাইজে বনবিভাগক আৱগত কৰাত ঘটনাস্হলীত বনবিভাগৰ লোক উপস্থিত হৈ গড়ঁটো বনাঞ্চললৈ ওভতাই পঠাবলৈ চেষ্টা চলাই যদিও সন্ধিয়া পৰ্যন্ত বনবিভাগৰ লোক সফল হোৱা নাই। ইফালে আন্ধাৰ হৈ অহাৰ পাছত গড়ঁৰ ভয়ত অঞ্চটোৰ ৰাইজ আতংকিত হৈ পৰিছে। 

Leave A Reply