Breaking

আই পি এল আৰম্ভ হ’বলৈ দুদিন বাকী, ধোনীৰ আঘাতক লৈ চিন্তিত…

0 264

শুকুৰবাৰৰ পৰা আৰম্ভ হ’ব আই পি এল। ইয়াৰ পূৰ্বে চেন্নাই ছুপাৰ কিংছ দলৰ কেইবাজনো ক্ৰিকেটাৰ আহত হৈছিল। মহেন্দ্ৰ সিং ধোনী এইবাৰো দলৰ অধিনায়ক। নিলামত তেওঁ নিজৰ দলৰ কেইবাগৰাকীও ক্ৰিকেটাৰ ক্ৰয় কৰিছিল। দলটোক পুনৰ সংগঠিত কৰা হৈছে। কিন্তু আই পি এল আৰম্ভ হোৱাৰ পূর্বে আঘাতক লৈ চিন্তিত হৈ পৰিছে ধোনী৷ শুকুৰবাৰে ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৰ বিৰুদ্ধে কোন ১১ গৰাকী ক্ৰিকেটাৰক দেখা যাব-

ৰচিন ৰবিন্দ্ৰ, ৰুতুৰাজ গাইকৱাদ, অজিংক ৰাহান, শিৱম ডুবে, ডেৰিল মিচেল, ৰবীন্দ্ৰ জাডেজা, মহেন্দ্ৰ সিং ধোনী,মিচেল ছাণ্টনাৰ, শাৰদুল ঠাকুৰ, দীপক চহৰ, মুস্তাফিজুৰ ৰহমান।

আনহাতে আঁঠুৰ আঘাতৰ পৰা সুস্থ হৈ উঠি আৰু এবাৰ আই পি এল খেলিবলৈ সাজু হৈছে ভাৰতৰ বিশ্বকাপ বিজয়ী অধিনায়ক। এটা সময়ত তেওঁ ফিনিছাৰ হিচাপে দলৰ বাবে এক সম্পদ আছিল। কিন্তু যোৱা আই পি এলত তেওঁক বাৰে বাৰে নিম্ন ক্ৰমত বেটিং কৰা দেখা গৈছিল। আঁঠুৰ আঘাতৰ পৰা সুস্থ হৈ এইবাৰ ধোনীয়ে কি কৰে সেয়া সকলোৱে বাবে বৰ্তমান সময়ত এক প্ৰশ্ন।

Leave A Reply