Breaking

শাৰদীয় দুৰ্গা পূজাৰ সপ্তমীৰ দিনাই ধনশিৰি মহকুমাৰ সৰুপথাৰত আৰক্ষীৰ জালত দুই ড্ৰাগছ সৰবৰাহকাৰী

0 564

শাৰদীয় দুৰ্গা পূজাৰ সপ্তমীৰ দিনাই ধনশিৰি মহকুমাৰ সৰুপথাৰত আৰক্ষীৰ জালত দুই ড্ৰাগছ সৰবৰাহকাৰী।এক গোপন সূত্ৰৰ পম খেদি সৰুপথাৰ আৰক্ষীয়ে পানজান নগাজুৰি অঞ্চলৰ পৰা আটক কৰিছে নিষিদ্ধ ব্ৰাউন চুগাৰসহ দুই সৰবৰাহকাৰীক।আটকাধীন সৰবৰাহকাৰী দুটা হৈছে সৰুপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত দুই নং কৈৰীগাৱৰ মাৰফট আলি আলি আৰু হজৰত আলি।

এখন আপাচী বাইকেৰে কাৰ্বি আংলং জিলাৰ বোকাজানৰ পৰা সৰুপথাৰ অভিমুখে আহি আছিল দুই সৰবৰাহকাৰী।সৰবৰাহকাৰী দুটাৰ পৰা ৩৪.০৫ গ্ৰাম ব্ৰাউন চুগাৰসহ ৩ টা চাবোনৰ কেচৰ লগতে AS 05R 3683 নম্বৰৰ এখন আপাচী বাইক জব্দ কৰে।

Leave A Reply