Breaking

বঙাইগাঁৱত ড্ৰাগছসহ দুই সৰবৰাহকাৰী আটক

0 519

বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰা আৰক্ষীয়ে শনিবাৰে এক অভিযান চলাই ড্ৰাগছসহ দুজন সৰবৰাহকাৰীক আটক কৰে ৷

আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী দুজনৰ পৰা ১১ টা সন্দেহজনক ব্ৰাউন চুগাৰভৰ্তি কণ্টেইনাৰো জব্দ কৰে ।

জানিব পৰা মতে উত্তৰ শালমাৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পংকজ দাসৰ নেতৃত্বত গ্ৰাহকৰ ভেশত যোৱা আৰক্ষীয়ে অতি কৌশলেৰে আকবুল হুছেইন আৰু বুদ্ধি ৰবিদাস নামৰ ড্ৰাগছ সৰবৰাহকাৰী দুজনৰক কৰায়ত্ত কৰে যদিও আৰক্ষীৰ কৱলৰ পৰা দুয়ো পলায়ন কৰে।

পিছত আৰক্ষীয়ে খেদি খেদি হাপাচাৰাৰ পৰা কৰায়ত্ত কৰে। আৰক্ষীয়ে ধৃত আকবুল হুছেইন আৰু বুদ্ধি ৰবিদাসৰ পৰা ব্ৰাউন চুগাৰ ভৰ্তি কণ্টেইনাৰৰ লগতে এটা চিৰিঞ্জ আৰু দুটা মোবাইল ফোন জব্দ কৰে ।

আৰক্ষীয়ে ধৃত দুয়োজনকে সোধ- পোছ অব্যাহত ৰাখিছে ।

উল্লেখ্য যে চৰকাৰে শেহতীয়াকৈ জিলাসমূহৰ পূৰ্বৰ আৰক্ষী অধীক্ষকসকলক বদলি কৰাৰ পিছতে এতিয়া ৰাজ্যজুৰি দৈনিক ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ হোৱাৰ লগতে জব্দ হৈছে ড্ৰাগছ ৷ বঙাইগাঁও জিলাও ইয়াৰ ব্যতিক্ৰম নহয় ৷

Leave A Reply