Breaking

ৰঙিয়াত জালনোট সহ আটক দুই জালনোট ব্যৱসায়ী…

0 54

ৰঙিয়াত জালনোট সহ আটক দুই জালনোট ব্যৱসায়ী । ৰঙিয়া আৰক্ষীয়ে বৃহস্পতিবাৰে দিনৰ ভাগত ৰঙিয়া ষ্টেচনৰ সমিপৰ ১ নং ৱাৰ্ডৰ পৰা দুজন জালনোট ব্যৱসায়ীক আটক কৰে । ধৃত দুয়োজনৰে পৰা আৰক্ষীয়ে ৪৭ খন পাচ’শ টকীয়া জালনোট জব্দ কৰে ।

বিশেষ সুত্ৰৰ পম খেদি ৰঙিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীৰ নেতৃত্বত চলোৱা অভিযানত আটক হয় দুই জালনোট ব্যৱসায়ী ।

আটকাধীন যুৱ দুজন হৈছে বৰপেটা আৰক্ষী থানাৰ অধীনৰ ভকত পাৰাৰ জ্যোতিশ দাস আৰু গুৱাহাটী সোনাপুৰ আৰক্ষী থানাৰ অধীনৰ তেতেলীয়াৰ জিতু মেধী । ধৃত দুয়োজন যুৱককে অধিক তথ্যৰ বাবে সোধপোচ অব্যহত ৰাখিছে ।

Leave A Reply