Breaking

দুফুটা নহৰু বহু ৰোগৰ ঔষধ, আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক নহৰু…

0 50

নহৰু স্বাস্থ্যৰ বাবে অতি উপকাৰী। নহৰু এবিধ ঔষধৰ দৰে, যিয়ে চৰ্দি,কাহৰ পৰা ৰক্ষা কৰাৰ কাম কৰে। শীতকালে বহুতো ৰোগ আৰু সংক্ৰমণ আনে। এনে পৰিস্থিতিত মাত্ৰ দুফুটা নহৰু হ’ব পাৰে উপকাৰী। দৈনিক নহৰু খালে হৃদযন্ত্ৰ, মগজু আৰু পেশীৰ বাবেও উপকাৰী বুলি। ই শৰীৰত ট্ৰাইগ্লিচাৰাইডৰ মাত্ৰা হ্ৰাস কৰে। ইয়াৰ ফলত হৃদৰোগৰ সম্ভাৱনাও হ্ৰাস পায়, ডায়েবেটিছ নিয়ন্ত্ৰণত সহায় কৰে আৰু শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। নহৰু খোৱাৰ উপকৰিতাৰ বিষয়ে জানো আহক…

ঠাণ্ডা বতৰত শৰীৰ গৰম কৰি ৰখাত নহৰুৱে সহায় কৰিব পাৰে। ফছফৰাছ, পটাছিয়াম, কেলচিয়াম, আইৰণ, তাম আদি বহুতো পুষ্টিকৰ উপাদান নহৰুত পোৱা যায়। ইয়াত ভিটামিন চি আৰু বি ৬ পোৱা যায়। ই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে। নহৰুয়ে শৰীৰক বতৰৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰে। এন্টিঅক্সিডেন্ট গুণেৰে সমৃদ্ধ হোৱাৰ বাবে নহৰুয়ে অক্সিডেটিভ চাপ হ্ৰাস কৰে। শীতকালত নহৰু খাদ্যত অন্তৰ্ভুক্ত কৰি বা নহৰুৰ চাটনি বনাই খাব পাৰে।

কেঁচা নহৰু হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে উপকাৰী। ই শৰীৰক বহু সমস্যাৰ পৰা আঁতৰাই ৰাখে। ইয়াত এলিচিক পোৱা যায়, যিয়ে তেজ পাতল কৰে, যাৰ বাবে হৃদযন্ত্ৰৰ পৰা তেজ সহজে বৈ যায়। নহৰুয়ে কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস কৰে। ইয়াৰ ফলত হৃদযন্ত্ৰ সুস্থ হৈ থাকে। ৰাতিপুৱা খালী পেটত এগিলাচ পানীৰ সৈতে কেঁচা নহৰু খালে খুবেই উপকাৰ হয়।

কেঁচা নহৰু খাবলৈ অসুবিধা হ’লে তাৰ পৰা চাহ প্ৰস্তুত কৰি খাব লাগে। ইয়াৰ বাবে একাপ পানী লৈ নহৰু এটা থেতেলিয়াই তাত থৈ দিব। ইয়াৰ পিছত আধা চামুচ ডালচেনিৰ গুৰি দিব। পানীখিনি দুমিনিটমান উতলাই জুইৰ শিখা বন্ধ কৰি চাকি ল’ব। এক চামুচ মৌ আৰু আধা চামুচ নেমুৰ ৰস মিহলাই খাব। চাহৰ লগত নহৰু খালে সকলো ধৰণৰ পুষ্টিকৰ উপাদান পোৱা যায়।

নহৰুৰ চাটনি বৰ সোৱাদযুক্ত। নহৰুৰ চাটনিক স্বাস্থ্যসন্মত বুলি গণ্য কৰা হয়। নহৰু খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা মজবুত হয়। ইয়াত ফ্লেভন’ইড আৰু এলিচিন উপাদান পোৱা যায়, যিয়ে থাইৰয়ড হ্ৰাস কৰে।


Leave A Reply