Breaking

ৰঙিয়াত দুই ঠগ প্ৰবঞ্চকক আটক ! আ অলংকাৰ পৰিষ্কাৰ কৰাৰ নামত লুটি আছিল সোণৰ আ-অলংকাৰ…

0 34

ৰঙিয়াত দুই ঠগ প্ৰবঞ্চকক আটক,আ অলংকাৰ পৰিষ্কাৰ কৰাৰ নামত লুটি আছিল সোণৰ আ-অলংকাৰ ।

ৰঙিয়া আৰক্ষীয়ে আটক কৰে দুজন ঠগ প্ৰবঞ্চকক । জানিব পৰা মতে যোৱা কিছুদিনৰ পৰা বৰপেটা নলবাৰী ৰঙিয়া আদি অঞ্চলত দুজন লোকে ঘৰৰ বাচন বৰ্তন তথা আ অলংকাৰ পৰিষ্কাৰ কৰাৰ চলেৰে ঘৰত সোমাই লুটি লৈ গৈছিল বহু সামগ্ৰী তথা সোণৰ আ অলংকাৰ ।

আজি ৰঙিয়া আৰক্ষীয়ে ৰঙিয়া 4নং ৱাৰ্ডৰ পৰা এই লোক দুজনক আটক কৰে ।লোক দুজনৰ নাম শম্ভূ শ্বাহ আৰু ধৰ্মেন্দৰ শ্বাহ বুলি জানিব পৰা গৈছে ।দুয়োজনৰে ঘৰ বিহাৰৰ কাতিহাৰ জিলাৰ । ৰঙিয়া আৰক্ষী থানাত ৰুজু হোৱা এক গোচৰৰ ভিত্তিত আটক কৰে এই দুজন প্ৰবঞ্চকক ।

মহিলা সকলক চল কৌশলেৰে প্ৰতাৰণা কৰি সোণৰ অলংকাৰ লুটি আনিছিল এই দুইজনে । তেওঁলোকৰ পৰা আৰক্ষীয়ে কিছু সামগ্ৰী ,যন্ত্ৰ পাতি আৰু লগত তেওঁলোকে ব্যৱহাৰ কৰা মটৰ চাইকেল খন জব্দ কৰে ।

Leave A Reply