Breaking

নাৰায়ণপুৰ আৰক্ষী থানাত দুই মানৱ সৰবৰাহকাৰী…

0 26

লখিমপুৰা জিলাৰ ভোগপুৰ চাৰিআলিত আজি দিনৰ ভাগত দুটা কিশোৰ সৰবৰাহকাৰীক ৰাইজে আটক কৰা ঘটনাই বৃহত্তৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে স্থানীয় আদিবাসী সম্প্ৰদায়ৰ ১৫ বছৰ তলৰ চাৰিটা ল’ৰাৰ তৎপৰতাৰ বাবে দুটা মানৱ সৰবৰাহকাৰীক ৰাইজে কৰায়ত্ব কৰি আৰক্ষীক গতাবলৈ সক্ষম হয়। মানৱ সৰবৰাহকাৰী দুটা লখিমপুত জিলাৰ বঙালমৰাৰ ক্রমে ফকৰ উদ্দিন (৩০) আৰু মিজানুৰ ৰহমান (২৮)বুলি জানিব পৰা গৈছে। উল্লেখ্য যে ভোগপুৰৰ চাৰিটা কিশোৰক সৰবৰাহকাৰী দুটাই অৰুণাচলৈ নিয়াৰ পৰিকল্পনা কৰি ভোগপুৰত উপস্থিত হৈছিল।

যোগাযোগকাৰী কিশোৰকেইটাই আগতীয়াকৈ স্থানীয় ৰাইজৰ লগত যোগাযোগ কৰি ৰাইজৰ পৰিকল্পনা মতে সৰবৰাহকাৰী দুটাক ভোগপুৰলৈ মাতিছিল আৰু পূর্বপৰিকল্পিত সিদ্ধান্ত অনুসৰি স্থানীয় ৰাইজে সৰবৰাহকাৰী দুটাক আটক কৰি সোধা পোচা কৰাত সিঁহতে সকলো কথা স্বীকাৰ কৰে। সৰবৰাহকাৰী দুটাৰ স্বীকাৰোক্তি মতে কাঢ়িপাৰাৰ আমিৰ আলীৰ নিদ্দের্শ মর্মেহে সিহঁতে উক্ত কিশোৰকেইটাক নিবলৈ আহিছিল। সৰবৰাহকাৰীকেইটাই আগতেও বিভিন্ন অঞ্চলৰ পৰা কেইবাজনো কিশোৰ অৰুণাচললৈ নি দিনটো কাম কৰাই ৰাতি কোঠাত বন্দী কৰি ৰখাৰ তথ্য সদৰী কৰিছে। তাৰোপৰি লোভ লালসাৰে অপহৰণ কৰি নিয়া কিশোৰবোৰক অৱশেষত অৰুণাচলীৰ হাতত মোটা অংকৰ বিনিময়ত বিক্ৰী কৰে বুলিও ৰাইজৰ আগত স্বীকাৰ কৰে।

Leave A Reply